অসম

assam

ETV Bharat / state

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত ENT ৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ - WORKSHOP

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ''North East ENT update CME programme and Live'' কৰ্মশালা ৷ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ লগতে ৰোগী সকলক দিয়া হয় বিনামূলীয়া ঔষধ ৷

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত ENT ৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ

By

Published : Jun 23, 2019, 5:25 PM IST

গুৱাহাটী, 23 জুনঃ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা 'North East ENT update CME programme and Live' কৰ্মশালাৰ আজি অন্তিমটো দিন । অন্তিমটো দিনত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত সম্পন্ন কৰা হয় কাণ, নাক আৰু ডিঙিৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ । ভাৰতৰ প্ৰসিদ্ধ ENT চিকিৎসক ছাতিশ কুমাৰ জৈনে সম্পন্ন কৰে এই অস্ত্ৰোপ্ৰচাৰ । অনুষ্ঠাতটোত অস্ত্ৰোপ্ৰচাৰৰ লাইভ দেখুৱা হয় । এই কৰ্মশালাত উত্তৰ পূৰ্বৰ বহু ENT চিকিৎসকে অংশগ্ৰহণ কৰে ৷

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত ENT ৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ

এই সম্পৰ্কে দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমৰ কাণ, নাক আৰু ডিঙিৰ চিকিৎসক এইজ মোহনে কয় যে, বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰোগী উপকৃত হ’ব ।
অস্ত্ৰোপ্ৰচাৰ লগতে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ দিয়া হয় ।

''North East ENT update CME programme and Live'' কৰ্মশালাৰ মূল লক্ষ্য আছিল যে আগন্তুক দিনত কাণ, নাক আৰু ডিঙি ৰোগীসকলে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাব নালাগে । অসমতেই ৰোগীসকলক উন্নত চিকিৎসা লাভ কৰা ৷

ABOUT THE AUTHOR

...view details