অসম

assam

ETV Bharat / state

পবিতৰা অভয়াৰণ্যত সংৰক্ষণ বিলুপ্তপ্ৰায় 57 টা কাছ

বিলুপ্তপ্ৰায় 57 টা কাছক পবিতৰা অভয়াৰণ্যত সংৰক্ষণ কৰিব মন্দিৰ কৰ্তৃপক্ষই ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত সংৰক্ষণ কৰা হ'ব কাছ কেইটা

পবিতৰা অভয়াৰণ্যত সংৰক্ষণ বিলুপ্তপ্ৰায় 57 টা কাছ

By

Published : Aug 21, 2019, 4:21 PM IST

গুৱাহাটী, 21 আগষ্টঃ বিলুপ্তপ্ৰায় কাছক সংৰক্ষণৰ বাবে এক নতুন পদক্ষেপ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ ৷ বিলুপ্তপ্ৰায় 57 টা কাছক পবিতৰা অভয়াৰণ্যত সংৰক্ষণ কৰিব মন্দিৰ কৰ্তৃপক্ষই ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত সংৰক্ষণ কৰা হ'ব কাছ কেইটা ৷ সংৰক্ষিত মুঠ 57টা কাছৰ ভিতৰত বৰমুৰীয়া কাছ 30টা, বৰ কাছ 20টা আৰু গংগা কাছ 7টা বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ DFO তেজস্ব মৰিস্বামীয়ে ।

বিলুপ্তপ্ৰায় 57 টা কাছ

এই বিলুপ্তপ্ৰায় কাছকেইটাক একমাত্ৰ হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ বাবে অহা 2 ছেপ্টেম্বৰত পবিতৰা অভয়াৰণ্যত সংৰক্ষণৰ বাবে এৰি দিয়া হ'ব । লগতে মন্দিৰ কৰ্তৃপক্ষৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক তেওঁ শলাগ লয় কয় যে, পূৰ্বতে ৰাজ্যৰ বনাঞ্চলত এনে দুষ্প্ৰাপ্য কাছ পোৱা গৈছিল যদিও বৰ্তমান ই বিলুপ্তিৰ পথত । গংগা কাছ সম্পূৰ্ণ বিলুপ্ত । এই পদক্ষেপেৰে অনাগত দিনত বিলুপ্তপ্ৰায় কাছৰ সংখ্যা বৃদ্ধি হ'ব আশা প্ৰকাশ মন্দিৰ কৰ্তৃপক্ষৰ ৷

ABOUT THE AUTHOR

...view details