মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ দুষ্প্ৰাপ্য ঈগল - ঈগল
বুধবাৰে পুৱা মালিগাঁৱৰ ৰাজপথত আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে বৰ্তমান বিলুপ্তপ্ৰায় অৱস্থাত থকা দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা ঈগল ৷
![মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ দুষ্প্ৰাপ্য ঈগল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3352348-269-3352348-1558531434204.jpg)
মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ বিলুপ্তপ্ৰায় ঈগল
গুৱাহাটী, 22 মে': মহানগৰীৰ মালিগাঁৱৰ ৰাজপথত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগল ৷ বুধবাৰে পুৱা মালিগাঁৱৰ ৰাজপথত আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে বৰ্তমান বিলুপ্তপ্ৰায় অৱস্থাত থকা দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা ঈগল ৷ স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়ে যদিও বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ কোনো লোক ৷ অতিশীঘ্ৰে বনবিভাগৰ লোকে ঈগলটো উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ আশংকা দুষ্প্ৰাপ্য প্ৰজাতিৰ ঈগলটোৰ ৷
মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ দুষ্প্ৰাপ্য ঈগল