গুৱাহাটী, ২৮ মে':মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা দূৰ্বৃত্তই গুলিচালনা কৰা ঘটনাই পুনৰবাৰ উদঙাই দিছে বহু স্পৰ্শকাতৰ বিষয় । অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল কোনো নতুন কথা নহয় । বিগত কেইবা দশকজুৰি দিছপুৰৰ মছনদত বহি অহা চৰকাৰসমূহৰ নিৰ্লিপ্ততা, অকৰ্মণ্যতা আৰু গা এৰা দিয়া মনোভাৱৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে বেদখল কৰিছে চুবুৰীয়া ৰাজ্যসমূহে ।
চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি নাগালেণ্ডে অসমৰ ৫৯,৪৯০ হেক্টৰ ভূমি বেদখল কৰি থৈছে । কেৱল নাগালেণ্ডেই নহয়, চৰকাৰী তথ্য মতে ২১,৩৪৩ হেক্টৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশে বেদখল কৰি ৰাখিছে । মিজোৰামে ১,৫৩৬ হেক্টৰ অসমৰ ভূমিত ইতিমধ্যে বেদখল কৰিছে ।
মেঘালয়ে দখল কৰি থৈছে ১,৫২৪ হেক্টৰ অসমৰ ভূমি । আনকি ত্ৰিপুৰায়ো অসমৰ ভূমিত বেদখল চলাইছে । অসমৰ ২৫ হেক্টৰ ভূমি ত্ৰিপুৰাই বেদখল কৰি ৰাখিছে সুদীৰ্ঘ সময়জুৰি । অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈয়েই চুবুৰীয়া ৰাজ্যসমূহে এনেদৰে বেদখল চলাই আহিছে ।