গুৱাহাটী, 4 জুলাই :ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এনকাউণ্টাৰৰ ঘটনা । এইবাৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ'ল কুখ্যাত ড্ৰাগছ মাফিয়া । এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ দক্ষিণগাঁৱত । দক্ষিণগাঁৱৰ পাহাৰত গাড়ী নিয়াৰ অসুবিধাৰ বাবে খোজকাঢ়ি যোৱাৰ সময়তে দেওবাৰে ধৃত ড্ৰাগছ মাফিয়া অৰুণ যাদৱে পলাবলৈ চেষ্টা কৰে । লগে লগে আৰক্ষীৰ দলে অৰুণ যাদৱ লৈ লক্ষ্য কৰি গুলী চালনা কৰে । ভৰিত গুলী লগাত বাগৰি পৰা কুখ্যাত ড্ৰাগছ মাফিয়াটোক আৰক্ষীৰ লোকে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় ।
আৰক্ষীৰ সূত্রত প্ৰকাশ যে, গুৱাহাটী আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ এডিচিপি পল্লৱ তামুলীৰ নেতৃত্বত পল্টন বজাৰ আৰক্ষীৰ এটা দলে গোপন সূত্রৰ পম খেদি মহানগৰীৰ লাচিত নগৰ যোৱা নিশা অভিযান চলা ৷ অভিযানত চঞ্চল নাথ আৰু ৰিমন শৰ্মা নামৰ দুজন ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত পেডলাৰ দুজনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিৰুবাৰীৰ আৰ চি এম ষ্টোৰ নামৰ বৈদ্যুতিক সামগ্ৰীৰ দোকানত অভিযান চলাই অৰুণ যাদৱক গ্ৰেপ্তাৰ কৰে ।