অসম

assam

JP Nadda's Meeting: নাড্ডাৰ সভাৰ খালী চকীয়ে বিপদ মাতিছে সাংসদ তপন গগৈলৈ

By

Published : Jun 20, 2023, 11:01 PM IST

Updated : Jun 21, 2023, 8:09 AM IST

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ জনসভাৰ পাৰ্শ্বক্ৰিয়া ৷ কেৰিয়াৰৰ অস্তিত্ব সংকটত পৰিব এজন উজনিৰ সাংসদ ৷ আস্থা হেৰুৱালে সৰ্বানন্দ সোণোৱালৰ ৷ কাষ চাপিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰো ৷

Empty chairs in JP Nadda meeting
JP Nadda meeting in Sivsagar

নাড্ডাৰ সভাৰ খালী চকীয়ে বিপদ মাতিছে সাংসদ তপন গগৈলৈ

গুৱাহাটী, ২০ জুন: সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমতো বিজেপিয়ে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ তাৰ মাজতে কেইবাগৰাকীও বৰ্তমানৰ সাংসদৰ পুনৰ প্ৰাৰ্থিত্ব লাভক লৈ প্ৰশ্ন উত্থাপন হৈছে দলটোৰ মাজতে । প্ৰায় নিশ্চিত হৈছে যে, ৰাজ্যত কেইবাটাও সমষ্টিত নতুন মুখ প্ৰক্ষেপ কৰিব বিজেপিয়ে ৷ তাৰ ভিতৰত চৰ্চাত আছিল যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈৰ নাম ৷

যোৱা দেওবাৰে শিৱসাগৰত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ জনসভাই সাংসদ তপন কুমাৰ গগৈৰ কেৰিয়াৰলৈকে যেন ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই আনিলে । ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলোৱাৰ মাজতে বিজেপিৰ ভিতৰ চ’ৰাতে এতিযা গভীৰ সংকটৰ সন্মুখীন হৈছে বিজেপিৰ যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ ৷ ইকুলৰো নহ’ল সিকুলৰো নহ’ল তপন কুমাৰ গগৈ ৷

শিৱসাগৰৰ জকাইচুকত দেওবাৰে আয়োজন কৰা হৈছিল বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন ৷ য’ত অংশগ্ৰহণ কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই । বিজেপিৰ লক্ষ্য আছিল যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ৩৫ৰ পৰা ৫০ হাজাৰ লোকক সমবেত কৰোৱা ৷ সভাৰ মূল দায়িত্বত আছিল সাংসদ তপন কুমাৰ গগৈ ৷ পিছে কাৰ্যকৰ্তা সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ভাষণ নুশুনি দলীয় কাৰ্যকৰ্তাই আধাতে এৰিলে সভা ৷ যাৰ বাবে বিশাল সংখ্যক খালী চকীৰ সন্মুখত ভাষণ দিব লগা হ’ল ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আদিয়ে ৷

দেওবাৰৰ এই সভাৰ পিছতেই এতিয়া বিজেপিৰ লগতে আন ৰাজনৈতিক চৰ্চাৰ বিষয় হৈ পৰিছে সাংসদ তপন কুমাৰ গগৈ ৷ জেপি নাড্ডাই খালী চকীৰ সন্মুখত ভাষণ দিব লগা হোৱা ঘটনাৰ পিচত অস্বস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে ৰাজ্যিক বিজেপি ৷ নাড্ডাই ভাষণ দি থকা সময়ৰ খালী চকীৰ দৃশ্য সুলভ হৈ পৰিছে সামাজিক মাধ্যমত ৷ বিষয়টো সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী ৷

এক কথাত এই ঘটনাই বিৰোধীক সমালোচনাৰ ব্যাপক সুবিধা দিলে ৷ বিজেপিক কটাক্ষ কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ৷ বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে বুলি ব্যাপক প্ৰচাৰ বিৰোধীৰ ৷ অসমৰ সংবাদ মাধ্যমতো সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে ৷ আনকি সভালৈ নোযোৱাৰ বাবে দৰিদ্ৰ লোকক মাৰ-পিট কৰি ৰঙাঘৰৰ ভাতো খাব লগা হৈছে বিজেপিৰ শিৱসাগৰৰ উতনুৱা দলীয় কৰ্মীয়ে ৷ ইফালে এই ভিডিঅ’ সম্পাদনা কৰি বুলি স্পষ্টীকৰণ দিবলগীয়া হৈছে মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক:Sivsagar BJP Meeting: শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ !

এক কথাত আমগুৰিৰ এই সভাৰ পৰাই সাংসদ তপন গগৈৰ কেৰিয়াৰক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷ আছুৰ সাধাৰণ সম্পাদকৰ পৰা বিজেপিত যোগদান ৷ বিজেপিৰ পৰা বিধায়ক, বিধায়কৰ পিছত যোৰহাটৰ পৰা সাংসদ নিৰ্বাচিত হৈ তপন কুমাৰ গগৈৰ ৰাজনৈতিক পৰিক্ৰমা উত্থান প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ধৰিয়েই অব্যাহত আছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ আসন এৰি সোণোৱাল দিল্লীলৈ যোৱাৰ পাছত বিজেপিৰ প্ৰেক্ষাপট সলনি হ’ল অসমত ৷

সেয়ে সুৰক্ষিত ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত শেহতীয়াভাৱে শিবিৰ সলাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসভাজন হ’বলৈ চেষ্টা চলাই আহিছিল তপন কুমাৰ গগৈয়ে ৷ যিটো কথাত অসন্তুষ্ট হৈ আছিল সৰ্বানন্দ সোণোৱাল ৷ ইফালে যোৱা দেওবাৰৰ জে পি নাড্ডাৰ সভাখনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহিছিল সৰ্বানন্দ সোণোৱাল ৷ কিন্তু ইয়াত তপন কুমাৰ গগৈয়ে সোণোৱালক আওকাণ কৰা বুলি বিজেপিত ভিতৰুৱা চৰ্চা চলিছে ৷ তাতো ভিতৰি ক্ষুণ্ণ হয় সৰ্বানন্দ সোণোৱাল ৷

ইফালে বিজেপিৰ সংসদীয় আৰু নিৰ্বিচনী কমিতিৰ সদস্য সৰ্বানন্দ সোণোৱাল ৷ অসমত এইবাৰ লোকসভাত প্ৰাৰ্থিত্ব দিয়াত সোণোৱালৰ যথেষ্ট প্ৰভাৱ থাকিব বুলি আশা কৰা হৈছে ৷

আনহাতে আমগুৰিৰ সভাখনলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব বুলি বাৰুকৈয়ে আশা কৰি যোগাযোগ অব্যাহত ৰাখিছিল তপন কুমাৰ গগৈয়ে । কিন্তু তপন গগৈৰ সমষ্টিৰ সভালৈ নগ’ল মুখ্যমন্ত্ৰী ৷ কোনো খবৰ নিদিয়াকৈয়ে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আনকি সভাৰ সময়ো দুবাৰকৈ পিছুৱাই দিছিল দেওবাৰে ৷

লগতে পঢ়ক:BJP meeting in Sivsagar : বিজেপিৰ সভালৈ নোযোৱাৰ বাবে পূৰ্ণিমা-টমাছক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ

যাৰ বাবে সোনকালে আগবেলাই অহা বহুলোকে অতিষ্ঠ হৈ জেপি নাড্ডাৰ ভাষণ চলি থাকোতেই সভা এৰি উঠি যায় ৷ সভাথলীত সৃষ্টি হয় চূড়ান্ত খেলিমেলিৰ ৷ যিটো এতিয়া অস্বত্বিৰ কাৰণ হৈ পৰিছে বিজেপিৰ বাবে ৷

আনহাতে, তপন কুমাৰ গগৈয়ে আস্থা হেৰুৱালে সৰ্বানন্দ সোণোৱালৰ ৷ ইফালে কাষ চাপিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰো ৷ হাতৰটো ধৰি বোকাৰটো ধৰিবলৈ গৈ যি অৱস্থা হয়, সাংসদ তপন কুমাৰ গগৈৰো এতিয়া একেই অৱস্থা ৷ ফল স্বৰূপে অনিশ্চিত হৈ পৰিছে তেওঁৰ ২০২৪ৰ লোকসভাৰ প্ৰাৰ্থিত্ব ৷ অৱশ্যে এতিয়াও মাজত কেইবাটাও মাহ বাকী ৷

Last Updated : Jun 21, 2023, 8:09 AM IST

ABOUT THE AUTHOR

...view details