গুৱাহাটী, ১০ জানুৱাৰী :পিতৃ-মাতৃ আৰু শহুৰ-শাহুৰ সৈতে আনন্দৰে সময় কটাই সোমবাৰৰে পৰা পুনৰ নিজা নিজা কৰ্মথলীলৈ উভতি আহিছে ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰী । 'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই নতুন আঁচনিৰ সুবিধা আদায় কৰি যোৱা বৃহস্পতিবাৰেই ঘৰমুৱা হয় প্ৰায় ৭০ শতাংশ কৰ্মচাৰী (Matri Pitri vandana by Assam Goverment) ।
৭ আৰু ৮ জানুৱাৰীৰ দিন দুটা চৰকাৰে কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছিল । সেই অনুসৰি প্ৰায় চাৰে চাৰি লাখ চৰকাৰী কৰ্মচাৰীৰ মাজৰ শিক্ষকসকলক বাদ দি বাকীসকলৰ প্ৰায় ৭০ শতাংশ কৰ্মচাৰীয়ে চৰকাৰৰ এই নতুন আঁচনিৰ সুবিধা লৈ নিজৰ ঘৰখনৰ, পৰিয়ালৰ সদস্যৰ লগত আনন্দৰে সময় উপভোগ কৰে (Employees spent quality time with family in Assam) ।