গুৱাহাটী, 8 নৱেম্বৰ: কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল দিছপুৰ (Protest in Guwahati)৷ ৰাজ্যত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত প্ৰায় দহ হাজাৰ কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Employees protested in Guwahati)। মঙলবাৰে পুৱা ১১ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কৰ্মচাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড বেনাৰ লৈ পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, হিমন্ত বিশ্ব শৰ্মা- আমাৰ দাবী পূৰণ কৰক, আমাৰ দাবী ন্যাৰ্য দাবী আদি শ্ল’গানেৰে খেলপথাৰৰ ভিতৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Employees protested demanding the maintenance of the pension policy) ৷
গুৱাহাটীৰ খানাপাৰাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে “পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ পদযাত্ৰাই” ৰাজ্যত প্ৰৱৰ্তন হৈ থকা ৰাষ্ট্ৰীয় পেঞ্চন (NPS) ব্যৱস্থাই প্ৰশাসন ব্যৱস্থাৰ মধ্যমণি, মেৰুদণ্ড স্বৰূপ অসমৰ কৰ্মচাৰী সমাজক ক্ষতিগ্ৰস্ত কৰিছে বুলি মত পোষণ কৰে ৷ লগতে অসমৰ কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰে শীঘ্ৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃবাহালৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷