অসম

assam

ETV Bharat / state

ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ - ত্তৰ পূৱ-সীমান্ত ৰে'লৱে

ভাৰতীয় ৰে'ল ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ উত্তৰ পূৱ-সীমান্ত ৰে'লৱেৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা যুৱক-যুৱতীক প্ৰাধ্যান্য দিয়াৰ লগতে ৰে'লৱেত ভুৱা SC-ST কৰ্মচাৰীক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে সংগঠনটোৱে ।

Employees protest in Maligaon against railway privatization
ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Sep 24, 2020, 8:43 PM IST

গুৱাহাটী,24 ছেপ্তেম্বৰঃসদৌ অসম অনুসুচিত জাতি-জনজাতি ৰে'ল কৰ্মচাৰী সন্থাই বৃহস্পতিবাৰে মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ভাৰতীয় ৰে'ল ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ উত্তৰ পূৱ-সীমান্ত ৰে'লৱেৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা যুৱক-যুৱতীক প্ৰাধান্য দিয়াৰ লগতে ৰে'লৱেত ভুৱা SC-ST কৰ্মচাৰীক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে সংগঠনটোৱে।

এই সন্দৰ্ভত সংগঠনটোৰ মাণ্ডলিক সম্পাদক তাৰিনী চন্দ্ৰ দাসে কয় যে, ভাৰতীয় ৰে'লক ব্যক্তিগত খণ্ডক গটাই দিয়া মোদী চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰি যাব ৷ প্ৰয়োজন হ'লে আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সম্পাদক গৰাকীয়ে ৷

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধকৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে'ল মন্ত্ৰী পিযুষ গোৱেললৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details