অসম

assam

Agricultural Marketing Board : এঘাৰ মাহৰ দৰমহা পোৱা নাই ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীয়ে

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 3:35 PM IST

পূজাৰ বতৰতো নাপালে প্রাপ্য ধন। ১১ মাহৰ দৰমহা নাপাই কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীৰ হাহাকাৰ। ১৯ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত আৰ্টফেডৰ কৰ্মচাৰী। বন্ধ হৈ পৰিছে উৎপাদন কেন্দ্র। হিতাধিকাৰীক সন্তুষ্ট কৰাতে ব্যস্ত চৰকাৰ।

Assam State Agricultural Marketing Board
এঘাৰ মাহে নাই দৰমহা

গুৱাহাটী, 28 অক্টোবৰ : অৰুণোদয়ৰ হিতাধিকাৰীক মাহৰ 10 তাৰিখে ধন দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীসকলক 11 মাহৰ দিব পৰা নাই দৰমহাৰ ধন ৷ ইফালে 19 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে আৰ্টফেডৰ কৰ্মচাৰী ৷ উন্নয়ন আৰু বিকাশৰ শ্ল'গান দিয়া চৰকাৰখনে কিন্তু ঋণ-ধাৰ কৰি হ'লেও হিতাধিকাৰীক সন্তুষ্ট কৰি ৰখাত অলপো কৃপণালি কৰা নাই ৷ লাগে একাংশ চৰকাৰী কৰ্মচাৰীয়ে দৰমহা লাভৰ পৰা বঞ্চিত হৈ থাকক ৷

লক্ষণীয় বিষয় যে শাৰদীয় দুৰ্গোৎসৱৰ সময়তো অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীসকলে লাভ নকৰিলে দৰমহা ৷ যাৰ বাবে তেওঁলোকৰ পূজাৰ আনন্দ নিৰানন্দত পৰিণত হ'ল ৷ ৰাজ্যজুৰি পূজাৰ আনন্দ-উচাহৰ মাজত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ আঠ শতাধিক বিষয়া-কৰ্মচাৰীয়ে হাহাকাৰৰ মাজত দিন পাৰ কৰিবলগীয়া হ'ল ৷ পূজাৰ পূৰ্বে বিষয়া-কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা লাভ কৰিব বুলি আশা কৰিছিল ৷ কিন্তু তেওঁলোকৰ আশা ভংগ হ'ল ৷ পূজাৰ সময়তো দৰমহা নোপোৱাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বিপৰীতে উৎসৱৰ বতৰত 11 মাহে দৰমহা নোপোৱাত কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ চৰম দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ বাজেটত ধন ধার্য কৰিও মোকলাই নিদিয়াত চৰম বিপদৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল ৷ উল্লেখ্য যে বিপণন পৰিষদে 2023-24 বিত্তীয় বৰ্ষৰ বাবে বিষয়া-কৰ্মচাৰীসকলৰ নিয়মীয়া আৰু বকেয়া দৰমহা, গ্ৰেচুইটি, ভৱিষ্যনিধি ইত্যাদি সামৰি 90.03 কোটি টকাৰ বাজেট প্ৰস্তাৱ দাখিল কৰিছিল ৷ কিন্তু এনে প্ৰস্তাৱৰ বিপৰীতে অসম চৰকাৰে 40.50 কোটি টকাৰ বাজেটতহে অনুমোদন জনায় ৷ ইয়াৰে 30.50 কোটি টকা দৰমহা শিতানত আৰু 10 কোটি টকা স্বেচ্ছামূলক অৱসৰ শিতানত ধার্য কৰা হয় ৷

দৰমহা শিতানত ধার্য কৰা 30.50 কোটি টকাৰ বিপৰীতে বিগত 28 জুনত অসম চৰকাৰৰ বিত্ত বিভাগে 15.25 কোটি টকাৰ বিত্তীয় অনুমোদন জনায় ৷ লক্ষণীয়ভাৱে অনুমোদন জনোৱা 15.25 কোটি টকাৰ ভিতৰত ছেপ্টেম্বৰ মাহত মাত্ৰ 7.62 কোটি টকাহে মোকলাই দিয়ে ৷ যাৰ জৰিয়তে বিষয়া-কৰ্মচাৰীসকলে মাত্ৰ এমাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু এতিয়াও কৰ্মচাৰীসকলৰ অনাদায় হৈ আছে 11 মাহৰ দৰমহা ৷ চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি একাংশ ক্ষুব্ধ কৰ্মচাৰীয়ে কয় যে অসম চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত অসমৰ কৃষকৰ পৰা ধানৰ উপৰিও সৰিয়হ আৰু মিলেট ন্যূনতম সমর্থন মূল্যত ক্ৰয়ৰ বাবে বিপণন পৰিষদৰ কৰ্মচাৰীসকলক নিয়োজিত কৰিছে ৷ তদুপৰি ইউৰিয়া সাৰ বিতৰণৰ দায়িত্বও কৃষি বিপণনৰ কৰ্মচাৰীসকলে পালন কৰি আহিছে ৷ কিন্তু ইমানৰ পিচতো প্ৰাপ্য দৰমহাকেইটাৰ পৰা কৰ্মচাৰীসকলক মাহৰ পিচত মাহ ধৰি বঞ্চিত কৰি ৰাখিছে চৰকাৰে ৷

নিৰ্ধাৰিত সময়ত দৰমহা নোপোৱাত পৰিষদৰ কৰ্মচাৰীসকলে চৰম সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে ৷ ইফালে 19 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে আৰ্টফেডৰ কৰ্মচাৰীসকল ৷ প্ৰায় 150 গৰাকী নিয়মীয়া বিষয়া-কৰ্মচাৰী থকা আৰ্টফেডৰ সমূহ উৎপাদন কেন্দ্ৰ আজিৰ তাৰিখত বন্ধ ৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ কালত আৰ্টফেডৰ অধীনত 33 টা সূতা বেংক স্থাপন কৰা হৈছিল ৷ ৰাজ্যখনত শিপিনীসকলক প্ৰয়োজন অনুসৰি সূতা যোগান ধৰিব পৰাকৈ সূতা বেংকসমূহ জিলাই জিলাই স্থাপন কৰা হৈছিল ৷ কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত থকা সূতা বেংকৰ বাহিৰে আন কোনো এটা বেংকতেই সূতা নাই ৷

য’ত সূতা যোগান ধৰাৰ ব্যৱস্থাটোকেই বন্ধ কৰা হ’ল, তেনে অৱস্থাত শিপিনীসকল কেনেকৈ স্বাৱলম্বী হ’ব ৷ সেয়েহে এতিয়া গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিৰ ধনখিনিয়েই একমাত্ৰ আয়ৰ উৎস হৈ পৰিছে ৷ উল্লেখ্য যে শিপিনীসকলে উৎপাদন কৰা বস্ত্ৰ বিক্ৰীৰ মাধ্যম আছিল আর্টফেড, বেচা-কিনা নিগম আদি ৷ কিন্তু চৰকাৰে এই নিগমসমূহ সজীৱ কৰাৰ কোনো ব্যৱস্থাই নকৰিলে ৷ যাৰ ফলত এতিয়া ৰাজ্যৰ ভিতৰে বাহিৰে থকা আৰ্টফেডৰ বিপণীসমূহো বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ৷

কেইখনমান বিপণীয়ে নিজে উদ্যোগ লৈ আন সমবায় সমিতি বা প্ৰতিষ্ঠানৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে ৷ গুৱাহাটীৰ বামুণীমৈদাম, বৰাগাঁও আৰু নলবাৰীত থকা আর্টফেডৰ উৎপাদন কেন্দ্ৰকেইটা এতিয়া সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে ৷ আয়ুক্তৰ প্ৰতিবেদনৰ আধাৰত চৰকাৰে আৰ্টফেড বা বেচা-কিনা নিগমৰ দৰে লোকচানত চলি থকা নিগমসমূহৰ ক্ষেত্ৰত কোনোব্যৱস্থা গ্ৰহণ নকৰাত কৰ্মচাৰীসকল মহাবিপদত পৰিছে ৷

লগতে পঢ়ক :Tea estate labourers hold protest: প্ৰাপ্য বিচাৰিও যেতিয়া কৰিবলগীয়া হয় প্ৰতিবাদ

ABOUT THE AUTHOR

...view details