অসম

assam

ETV Bharat / state

Covid situation in Guwahati: ক'ভিড পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ জৰুৰী বৈঠক - গুৱাহাটীত ক'ভিড পৰিস্থিতি জটিল হৈ পৰিছে

ক'ভিড এছঅ'পি (SOP) কঠোৰভাৱে পালন কৰাৰ বাবে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন । মহানগৰৰ ক'ভিড পৰিস্থিতিক লৈ জৰুৰী বৈঠক জিলা প্ৰশাসনৰ (Kamrup district administration meeting on covid situation )। গুৱাহাটীৰ শ্ব'পিং মল, বজাৰত চোকা দৃষ্টি থাকিব প্ৰশাসনৰ ।

Covid situation in Guwahati
ক'ভিড পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ জৰুৰী বৈঠক

By

Published : Jan 8, 2022, 8:29 PM IST

গুৱাহাটী,৮ জানুৱাৰী :সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি হৈছে । অসমতো ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে (Covid situation in Assam)। যাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ক'ভিড সম্পৰ্কীয় নতুন এছঅ'পি (SOP) জাৰী কৰিছে । ইয়াৰ পাছতে প্ৰতিখন জিলাৰে প্ৰশাসন সষ্টম হৈছে ।

কামৰূপ (মহানগৰ) জিলাতো যাতে এছঅ'পি কঠোৰভাৱে কাৰ্যকৰী হয়, সেয়া নিশ্চিত কৰিবলৈ উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক অনুষ্ঠিত হৈছে (Kamrup district administration meeting on covid situation)। শনিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জৰুৰী বৈঠকখন অনুষ্ঠিত কৰা হয় । অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থকা সভাত শ্ব'পিং মল, বজাৰ আদিত দুপালি প্ৰতিষেধক নোলোৱাকৈ কোনো ব্যক্তি প্ৰৱেশ কৰিছে নেকি, অত্যাধিক সমাগম হৈছে নেকি আদি চোৱা-চিতা কৰিবলৈ দণ্ডাধীশসকলক নিৰীক্ষণৰ নিৰ্দেশ দিয়ে ।

ক'ভিড পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ জৰুৰী বৈঠক

উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত থকা শ্ব'পিং মল, বজাৰ আদিত যাতে দুপালি ক'ভিড প্ৰতিষেধক নোলোৱাকৈ কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

ইপিনে ক'ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিষেধক প্ৰদান আৰু হোম আইচ'লেশ্যনৰ বিষয়টোত অধিকভাৱে গুৰুত্ব দিবলৈ সভাত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । লক্ষণীয়ভাৱে ৰাজ্যৰ ভিতৰতে গুৱাহাটীত ক'ভিড পৰিস্থিতি জটিল হৈ পৰিছে । গুৱাহাটীত ক'ভিডত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে ।

লগতে পঢ়ক :Guwahati becomes Covid hotspot : ক'ভিড হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details