অসম

assam

ETV Bharat / state

Elvis Ali Hazarika: ইংলিছ চেনেল সাঁতুৰি অভিলেখ গঢ়িবলৈ আগবাঢ়িছে জলকোঁৱৰ এলভিছ - এলভিছ আলী

ইংলিছ চেনেল সাঁতুৰি এইবাৰ পুনৰ অভিলেখ গঢ়াৰ চেষ্টা অসম সন্তান এলভিছ আলী হাজৰিকাৰ ৷ ২১ জুলাইৰ পৰা ক্ৰীড়াবিদগৰাকীয়ে আৰম্ভ কৰিব অভিযান ৷

Etv Bharat
Etv Bharat

By

Published : Jul 5, 2023, 4:07 PM IST

ইংলিছ চেনেল সাঁতুৰি অভিলেখ গঢ়িবলৈ আগবাঢ়িছে জলকোঁৱৰ এলভিছ

গুৱাহাটী, ৫ জুলাই: চেনেল সাঁতোৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সন্তৰণ ক্ষেত্ৰখনত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এলভিছ আলী হাজৰিকাই আকৌ নতুন অভিযানত নামিবলৈ আগবাঢ়িছে ৷ এইবাৰ এলভিছ আলীৰ লক্ষ্য ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ ৷

তেওঁ সতীৰ্থ ৰিমো সাহাৰ সৈতে ইংলেণ্ডৰ ড’ভাৰৰ পৰা ফ্ৰান্সৰ কেলাইছলৈ গৈ পুনৰ উভতি আহিব ড’ভাৰলৈ ৷ অৰ্থাৎ তেওঁ বিশ্বখ্যাত ইংলিছ চেনেল Double way সাতুৰি পাৰাপাৰ হোৱাৰ চেষ্টা চলাব ৷

ইয়াৰ পূৰ্বে এলভিছে ২০১৯ চনত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কাটালানা চেনেল আৰু ২০২২ চনত নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হৈছিল ৷ এই অভিযানৰ পূৰ্বে বুধবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এলভিছৰ ইংলিছ চেনেল অভিযানৰ ফ্লেগ অফ কাৰ্যসূচী৷

উল্লেখ্য যে অসমৰ খেল জগতৰ উজ্জ্বল নক্ষত্ৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকা । একেবাৰে কম বয়সৰ পৰাই সাঁতুৰিবলৈ আৰম্ভ কৰি National Senior, Junior আৰু Sub Junior সাঁতোৰ প্ৰতিযোগিতাত অভিলেখ ১৩৪ টা স্বৰ্ণ পদক বিজেতা সম্ভৱত দেশৰ একমাত্ৰ খেলুৱৈ । ২৪ টাকৈ ৰাষ্ট্ৰীয় অভিলেখৰো অধিকাৰী হ’ল এলভিছ ।

বয়স বঢ়াৰ পিচতো থমকি নৰৈ এতিয়া এলভিছ ব্যস্ত Channel swimming ত । ইংলিছ চেনেল সাঁতুৰি তেওঁ পাৰাপাৰ হ’বলৈ অভিযান চলাব অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ সাঁতুৰি গৈ পুনৰ সাঁতুৰি ইংলেণ্ডলৈ ঘূৰি আহিব । অহা ৭ জুলাইত গুৱাহাটীৰ পৰা গৈ ২১/২২ জুলাইত তেওঁ অভিযান চলাব ইংলিছ চেনেলত । ইংলিছ চেনেল অসমৰ খেলুৱৈয়ে সাঁতুৰি পাৰ হ’লে অসমৰ খেল জগতত যে এক নতুন দিগন্তৰ যে সূচনা হ’ব সেয়া নিশ্চিত ।

লগতে পঢ়ক:Assam CM on National Games : ২০৩০ চনৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details