অসম

assam

ETV Bharat / state

এইবাৰ দিপাৱলীত ফটকা বৰ্জনৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ

সমাগত পোহৰৰ উৎসৱ দিপাৱলী । কৰ’ণাৰ বিভীষিকাৰ বাবে এইবাৰ পোহৰৰে দিপাৱলী উদযাপন কৰিবলৈ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ ৷ এই উদ্দেশ্যে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে বুধবাৰে মহানগৰীৰ আদাবাৰী তিনিআলিত এক জনজাগৰণ কাৰ্যসূচী ৰূপায়ন সংস্থাটোৰ ৷

By

Published : Nov 11, 2020, 10:20 PM IST

elora mancha awareness for diwali
দিপাৱলীত ফটকা বৰ্জনৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ

গুৱাহাটী,11 নৱেম্বৰ : কৰ’ণাৰ বিভীষিকাৰ মাজতে দুৱাৰদলি পাইছে পোহৰৰ উৎসৱ দিপাৱলী । কিন্তু এইবাৰ দিপাৱলী পোহৰৰে উদযাপন কৰিবলৈ আহ্বান ইলোৰা বিজ্ঞান মঞ্চ নামৰ সংস্থাটোৰ । বুধবাৰে সংস্থাটোৰ মালিগাঁও শাখাই গুৱাহাটী মহানগৰীৰ আদাবাৰী তিনিআলিত এক জনজাগৰণ কাৰ্যসূচী ৰূপায়ন কৰে ।

জনজাগৰণ কাৰ্যসূচীযোগে জুই বাৰুদৰ খেলা,ফটকা আদিৰ পৰা সকলোকে আঁতৰত থাকিবলৈ আহ্বান জনায় ৷ যিহেতু বায়ু আৰু শব্দ প্ৰদূষণ স্বাস্থ্যৰ বাবে হানিকাৰক,সেয়েহে ফটকা আদিৰ পৰা হ’ব পৰা বিভিন্ন অঘটনৰ পৰা সজাগ হ’বলৈ আহ্বান জনায় সংস্থাটোৱে ।

দিপাৱলীত ফটকা বৰ্জনৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ

ইয়াৰোপৰি কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাই ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ হকে মঞ্চৰ তৰফৰ পৰা পত্ৰিকা বিতৰণ কৰা হয় । ফটকা ফুটোৱাৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড তথা উচ্চতম ন্যায়ালয়ৰ কি নিৰ্দেশনা আছে সেই সম্পৰ্কে পত্ৰিকাত উল্লেখ কৰা হৈছে । হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ ৰাইজক সজাগ কৰে ইলোৰা বিজ্ঞান মঞ্চই ।

লগতে পঢ়ক :21 নৱেম্বৰৰ পৰা উমৰাংচুত দুদিনীয়াকৈ ফেলকণ উৎসৱ

ABOUT THE AUTHOR

...view details