গুৱাহাটী, ২৩ এপ্ৰিলঃ মহানগৰীৰ আদাবাৰীত এজন ব্যক্তিগত ঘৰৰ চাঁদৰ ওপৰত কংগ্ৰেছৰ নিৰ্বাচনী পোষ্টাৰ । মহানগৰী আৰক্ষী আৰু নিৰ্বাচনী বিষয়াই আঁতৰাই দিয়ে পোষ্টাৰখন ।
অট্টালিকাত উৰিল কংগ্ৰেছৰ প’ষ্টাৰ
নিৰ্বাচনী বিষয়া আৰু আৰক্ষী উপস্থিত হৈ আঁতৰাই দিয়ে কংগ্ৰেছৰ বেনাৰখন ।
কংগ্ৰেছৰ নিৰ্বাচনী বিধি উলংঘা
উল্লেখ্য যে, সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰশাসনে তীক্ষ্ন নজৰ ৰখাৰ লগতে চাৰিওফালে আৰক্ষী প্ৰশাসনৰ পহৰাৰ ব্যৱস্থা কৰিছে যদিও মহানগৰী আদাবাৰীৰ ব্যক্তিগত ঘৰৰ চাঁদৰ ওপৰত কেনেকৈ কোনে আঁৰিলে কংগ্ৰেছৰ নিৰ্বাচনী পোষ্টাৰ, তাক লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । নিৰ্বাচনী বিষয়া আৰু আৰক্ষী উপস্থিত হৈ আঁতৰাই দিয়ে কংগ্ৰেছৰ বেনাৰখন । কিন্তু কোনে, কিয় নিৰ্বাচনী বিধি উলংঘা কৰি কংগ্ৰেছৰ পোষ্টাৰখন আঁৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই ।
Last Updated : Apr 24, 2019, 12:48 AM IST