গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: ৰাজধানী চহৰ মহানগৰীত সোমবাৰে নিশা বন্যহস্তীৰ তাণ্ডব। ওৰে নিশা বশিষ্ঠৰ বৈকুণ্ঠপুৰ ইন্দিৰা নগৰকে ধৰি কেইবাখনো গাঁৱত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে ।
মহানগৰীৰ বশিষ্ঠত নিশা বন্যহস্তীৰ ত্ৰাস - বন্যহস্তীৰ ত্ৰাস
খাদ্যৰ সন্ধানত বনাঞ্চালত পৰা উলাই আহিল গজৰাজ
![মহানগৰীৰ বশিষ্ঠত নিশা বন্যহস্তীৰ ত্ৰাস](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2487581-115-d8adf0ad-471c-486a-b0eb-6abfa386d658.jpg)
বন্যহস্তীৰ ত্ৰাস
বন্যহস্তীৰ ত্ৰাস
সোমবাৰে নিশা গড়ভঙা বনাঞ্চলৰ সন্ধ্যাচল পাহাৰৰ পৰা খাদ্যৰ সন্ধানত এটা হাতী জনাঞ্চলৈ নামি আহে। উল্লেখ্য যে স্থানীয়লোকে নিশাই হাতীটো প্ৰতক্ষ্য কৰাৰ পাচতে আৰক্ষী প্ৰশাসন আৰু বনবিভাগৰ লোকক খবৰ দিয়ে যদিও বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নহ’ল । সেয়ে বন বিভাগৰ লোকৰ পৰিৱৰ্তে আৰক্ষী আৰু স্থানীয় লোকে হাতীটো উভতাই পঠিয়াবলৈ চেষ্টা কৰে। অৱশ্যে ৬ ঘণ্টা জোৰা প্ৰেচেষ্টাৰ ফলত কিছু নাতি দুৰলৈ অৱস্থান কৰে হাতীটোৱে ।