গুৱাহাটী, 19 জানুৱাৰী : মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী বনাঞ্চলৰ ওচৰৰ দেওচতালত বুধবাৰে এটা বনৰীয়া পোৱালী হাতীয়ে মৃত্যুক সাবটি (Elephant Calf Dead at Rani) লয় ৷ ঘটনাৰ বিৱৰণী মতে, বুধবাৰে পুৱা একাংশ স্থানীয় লোকে হাবিখনত এটা বনৰীয়া পোৱালী হাতী আহত অৱস্থাত প্ৰত্যক্ষ কৰে ৷
লগে লগে প্ৰত্যক্ষদৰ্শীসকলে ঘটনা সন্দৰ্ভত বন বিভাগক খৱৰ দিয়ে ৷ স্থানীয় লোকৰ পৰা খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ বিভাগৰ লোকে হাতী পোৱালীটোক ততালিকে মহানগৰীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷