অসম

assam

ETV Bharat / state

আন চোৰৰ দৰেই চোৰ বিদ্যুৎ চোৰৰ বিৰুদ্ধেও ৰুজু হ’ব গোচৰ - আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

এতিয়াৰে পৰা বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো থানাতে গোচৰ ৰুজু হ'ব আৰু আন চুৰিৰ কেচৰ দৰেই তদন্ত হ'ব বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান(DGP) ভাস্কৰজ্যোতি মহন্তই । এপিডিচিএলে(APDCL) জুন মাহত সৰ্বাধিক ৫০১ কোটি টকা বিদ্যুৎ মাছুল সংগ্ৰহ কৰিলে যদিও এতিয়াও, বিদ্যুৎ মাছুলৰ বাবদ ২০০০ কোটি টকা পাবলৈ বাকী আছে ।

electricity-thief-cases-will-be-strongly-monitored-by-assam-police
আন চোৰৰ দৰেই চোৰ বিদ্যুৎ চোৰৰ বিৰুদ্ধেও ৰুজু হ’ব গোচৰ

By

Published : Jul 2, 2021, 11:01 PM IST

গুৱাহাটী, ২ জুন :বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো থানাতেই গোচৰ ৰুজু হ'ব আৰু আন চুৰিৰ গোচৰৰ দৰেই তদন্ত কৰা হ'ব । এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান(DGP) ভাস্কৰজ্যোতি মহন্তৰ । শুকুৰবাৰে, আৰক্ষী সঞ্চালক প্ৰধানৰ গুৱাহাটীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়(DGP head office)ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে সঞ্চালক প্ৰধান গৰাকীয়ে । আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ লগতে যৌথভাৱে সংবাদমেলখন সম্বোধন কৰে গৃহ-শক্তি আদি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু এপিডিচিএল(APDCL)ৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে ।

সংবাদমেলত গৃহ-শক্তি আদি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাই কয় ' এপিডিচিএলে অনাদায় বিদ্যুৎ মাছুল আৰু বিদ্যুৎ চুৰিৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানৰ ফলস্বৰূপে জুন মাহত বিভাগে অভিলেখ সংখ্যক ৫০১ কোটি টকা মাছুল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । যিটো মে' মাহত আছিল ৩৬০ কোটি টকা । উপভোক্তাৰ প্ৰতি আহ্বান যে সময়মতে বিল পৰিশোধ কৰিলে বিদ্যুৎ যোগান আৰু অধিক সুচল হ'ব । '

আন চোৰৰ দৰেই চোৰ বিদ্যুৎ চোৰৰ বিৰুদ্ধেও ৰুজু হ’ব গোচৰ

সংবাদমেলত এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে(APDCL MD Rakesh Kumar) কয় যে, জুন মাহত এপিডিচিএলে ১,৯০৪ টা ৰেড(raid) কৰিছিল আৰু ইয়াৰ ভিতৰত বিদ্যুতৰ অবৈধ ব্যৱহাৰ(illegal use of electricity ) সন্দৰ্ভত ৬১১ খন এজাহাৰ(FIR)ৰ ভিত্তিত গোচৰ ৰুজু হৈছে ।

জুন আমি সৰ্বাধিক ৫০১ কোটি টকা বিদ্যুৎ মাছুল লাভ কৰিবলৈ সক্ষম হৈছো । আনহাতে জুন মাহত চলোৱা অভিযানত আমি ৪৫.৯৪ কোটি টকা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছো । তদুপৰি বিদ্যুৎ মাছুল নিদিয়া বাবে ১ লাখ ১১ হাজাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে । ইয়াৰ ভিতৰত ২৭ কোটি টকা ফাইন সংগ্ৰহ কৰি ৪৮,১৭২ টা সংযোগ পুনৰ কৰা হৈছে । এতিয়াও আমি গ্ৰাহকৰ পৰা বিদ্যুৎ মাছুলৰ বাবদ ২০০০ কোটি টকা পাবলৈ বাকী আছে ।

লগতে পঢ়ক :APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ABOUT THE AUTHOR

...view details