গুৱাহাটী, 28 ফেব্ৰুৱাৰী :ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰে বিদ্যুৎ বিভাগৰ ৫ শতাধিক অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী । Assam state outsource power workers union ৰ উদ্যোগত চচলত ৰূপায়ণ কৰা দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে বিদ্যুৎ বিভাগত অস্থায়ীভাৱে নিয়োজিত হৈ থকা কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ, অসম চৰকাৰে ঘোষণা কৰা ৫০০০ পদত অস্থায়ী কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা, কোনো বাছনি পৰীক্ষা নোলোৱাকৈ তথ্য-পাতিৰ সত্যাসত্য নিৰ্ণয়ৰ মাধ্যমেৰে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সমান কামৰ বাবে সম-মজুৰি প্ৰদানৰ ব্যৱস্থা কৰা, স্মার্ট মিটাৰ সংস্থাপন কৰাৰ লগতে সেই ঠাইত পূর্বে নিয়োজিত অস্থায়ী মিটাৰ ৰিডাৰসকলক সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে (Electricity workers protest in Guwahati)।
সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউনিয়নৰ সন্থাৰ সাধাৰণ সম্পাদক ধনজিত কুমাৰ ৰায়ে কয় যে, অসমৰ শক্তি খণ্ডৰ উত্তৰ সুৰী তিনিওটা কোম্পানী ক্রমে APDCL, APGCL আৰু AEGCLৰ অস্থায়ী কৰ্মচাৰীৰ বৃহৎ যৌথ মঞ্চ হ’ল Assam state outsource power workers union ৷ এই ইউনিয়নে শক্তি খণ্ডত নিয়োজিত মিটাৰ ৰিডাৰ, বিল ক্লার্ক, সহায়ক, পিয়ন, চকীদাৰ, নৈশ চকীদাৰ, মালী, আই.বি. এটেণ্ডাৰ, কম্পিউটাৰ অপাৰেটৰ, গাড়ী চালক আৰু চাফাই কৰ্মী আদিকে ধৰি অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ সৈতে সন্থাৰ তৰফৰ পৰা দুবাৰকৈ আলোচনাত মিলিত হৈছিল বুলি জানিবলৈ দিয়ে (Assam state outsource power workers union protest) । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল ; কিন্তু আজি ছমাহ উকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে নিজৰ প্ৰাপ্য বঞ্চিত কৰ্মচাৰীসকলে (Electricity contract workers protest in Guwahati) ।