অসম

assam

ETV Bharat / state

গ্ৰাহকক লাখটকীয়া উপহাৰ বিদ্যুৎ পৰিষদৰ - গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল

বিদ্যুৎ পৰিষদৰ আজৱ কাণ্ড ৷ বিদ্যুৎ পৰিষদে সাতগাঁৱৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল

গ্ৰাহকক লাখ টকীয়া উপহাৰ বিদ্যুৎ পৰিষদৰ

By

Published : Sep 1, 2019, 10:39 PM IST

Updated : Sep 1, 2019, 11:13 PM IST

গুৱাহাটী, 1 ছেপ্তেম্বৰ: মহানগৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । কিয়নো বিদ্যুৎ পৰিষদে সাতগাঁৱৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল । কাৰোবাৰ যদি আহিছে 20,000 টকা আন কাৰোবাৰ আহিল দুই লক্ষ্যধিক টকাৰ বিল । ইয়াকে লৈ দেওবাৰে অঞ্চলবাসীয়ে আয়োজন কৰিলে এক ৰাজহুৱা সভাৰ । সমস্যাৰ সমাধান বিচাৰি বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । বিভাগটোৰ কাণ্ডজ্ঞান হীনতাত অতিষ্ঠ জনতাই বিচাৰিলে উচ্চ পদস্থ বিষয়াৰ স্পষ্টীকৰণ । ৰাইজৰ দাবী বৰ্ধিত বিদ্যুৎ বিল সংশোধন নোহোৱালৈ বিল পৰিশোধ নকৰে ভুক্তভোগীয়ে । এনে অভিযোগ সাতগাঁও অঞ্চলৰেই নহয় ভিন্ন সময়ত অসমৰ ভিন্ন স্থানত ঘটি আহিছে এনে কাণ্ড । এতিয়া ভুক্তভোগী জনতাই বিচাৰিছে দায়িত্ববাহী বিষয়াৰ হস্তক্ষেপ ৷

গ্ৰাহকক লাখ টকীয়া উপহাৰ বিদ্যুৎ পৰিষদৰ
Last Updated : Sep 1, 2019, 11:13 PM IST

ABOUT THE AUTHOR

...view details