গুৱাহাটী, 6 ডিচেম্বৰ :চৰকাৰে বিভিন্ন সময়ত বিভিন্ন নীতি-নিয়ম প্ৰস্তুত কৰে যদিও সেই নীতি-নিয়ম খোদ চৰকাৰেই অনুসৰণ নকৰে । যাৰ ফলত চৰকাৰে বিভিন্ন সময়ত প্ৰস্তুত কৰা নীতি-নিয়মসমূহ চৰকাৰী ফাইলতে আবদ্ধ হৈ ৰৈ যায় । বাস্তৱত তাৰ কোনো প্ৰতিফলন দেখা নাযায় । শেহতীয়াভাৱে ৰাজ্য চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ (climate change) লগত মোকাবিলা কৰাৰ বাবে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা Electric Vehicle Policy of Assam, 2021 নীতিখন চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে ।
যোৱা বছৰ 4 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰস্তুত কৰা Electric Vehicle Policy of Assam, 2021 নীতিখন চৰকাৰে অনুসৰণ কৰা নাই । যাৰ ফলত এই নীতিখনৰ বাস্তৱ প্ৰতিফলন ঘটা নাই । আচলতে বৈদ্যুতিক বাহনৰ ব্যৱহাৰত উদগনি দিবৰ বাবে অসম চৰকাৰে এবছৰ আগতেই অসম বৈদ্যুতিক বাহন নীতি গ্রহণ কৰিছে যদিও চৰকাৰেই বৈদ্যুতিক বাহন ব্যৱহাৰৰ ক্ষেত্ৰত আগ্রহ দেখুওৱা নাই ।
শেহতীয়াকৈ প্রায় ২৬০ কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে ৩৫,৮০০ শিক্ষাৰ্থীক স্কুটাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও ইয়াৰে এখনো বৈদ্যুতিক স্কুটাৰ নহয় (Anandaram Baruah Award of Assam Govt) । চৰকাৰে শিক্ষাৰ্থীসকলক স্কুটাৰসমূহ বিনামূলীয়াকৈ দিছে যদিও সেইসমূহ চলাবৰ বাবে ইন্ধন ক্ৰয় কৰিব লাগিব । সম্প্ৰতি গুৱাহাটীত এক লিটাৰ পেট্ৰ'লৰ দাম হৈছে ৯৭.০৮ টকা ।
আনহাতে, ইলেকট্রিক স্কুটাৰ এখন চলাবৰ বাবে প্রতি কিলোমিটাৰত প্ৰায় ০.২৫ টকাৰ বৈদ্যুতিক শক্তি খৰচ হয় (Banikanta Kakoti Award of Assam Govt) । ৯৭ টকা দৰৰ এক লিটাৰ পেট্ৰ'লেৰে শিক্ষার্থী এজনে যদি স্কুটাৰখন ৫০ কিলোমিটাৰ চলাব পাৰে, সেই একেই দূৰত্বৰ বাবে ইলেকট্রিক স্কুটাৰ এখনৰ ব্যয় হ’ব মাত্র ১২.৫০ টকা । চৰকাৰে দিয়া বিনামূলীয়া স্কুটাৰ ইলেকট্রিক হ'লে শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ ইন্ধনৰ বাবদ যথেষ্ট ধন ৰাহি হোৱাৰ অৱকাশ আছিল ।