গুৱাহাটী, 31 মাৰ্চ: ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান(Rajya Sabha Election 2022) ৷ অসম বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱাৰ ভাগৰ পৰাই বিধায়কৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ এই ভোটগ্ৰহণ সমাপ্ত হ'ব বিয়লি ৪ বজাত ৷ আনহাতে, বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা আৰু ৬ বজাত ঘোষণা কৰা হ'ব ফলাফল ৷
ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হৈছে তিনিগৰাকী ৷ প্ৰথমখন আসনত শাসকীয় দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় ইতিমধ্যে নিশ্চিত হৈছে ৷ কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি ধাৰণা কৰা হৈছে ৷ সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁট জয়ী হ'ব নোৱাৰে যদিও, বিজেপিয়ে দুয়োখন আসনতে জয়লাভ কৰিব বুলি দাবী কৰিছে ৷
ইফালে দ্বিতীয়খন আসনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু বিৰোধীৰ ঐক্যত আউল লগাত সমীকৰণ সলনি হোৱাৰ আশংকা আছে ৷ উল্লেখ্য যে, অসম বিধানসভাত কংগ্ৰেছৰ ২৭ গৰাকী, এআইইউডিএফ-ৰ ১৫ গৰাকী, ৰাইজৰ দলৰ এগৰাকী, চিপিআইএমৰ এগৰাকী বিধায়ককে ধৰি মুঠ ৪৪ গৰাকী বিৰোধী বিধায়ক আছে ৷
কিন্তু ইয়াৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ কথা ইতিমধ্যেই সদৰি কৰিছে ৷ তেনেস্থলত বিৰোধীৰ হাতত আছে ৪৩ টা ভোট ৷ ৪৩ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুণ বৰা জয়ী হোৱাৰ সম্ভাৱনা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া ক্ৰছ ভোটৰ আশংকা কৰা হৈছে ৷