গুৱাহাটী, 1 ফেব্ৰুৱাৰী:অসমকে ধৰি দেশৰ আন চাৰি ৰাজ্য ক্ৰমে পশ্চিমবঙ্গ, তামিলনাডু, পণ্ডিছেৰী আৰু কেৰেলাৰ বিধানসভা নিৰ্বাচন সমাগত । তামিলনাডু, পশ্চিমবংগ, অসমৰ বৰ্তমানৰ ৰাজ্য চৰকাৰ কেইখনৰ কাৰ্যকাল ক্ৰমে অহা 24, 30 আৰু 31 মে'ত উকলিব । ইয়াৰ পিছৰ মাহতে অৰ্থাৎ 1 জুনত কেৰেলা আৰু 8 জুনত পণ্ডিছেৰীৰ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰিব । অসম চৰকাৰৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, অহা মে'ত চৰকাৰৰ কাৰ্যকাল অন্ত পৰিবলগীয়া পশ্চিমবংগ, অসম আৰু তামিলনাডুৰ বিপৰীতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব 20 ফেব্ৰুৱাৰীত । একেদৰে কেৰেলা আৰু পণ্ডিছেৰীৰ বিপৰীতে অধিসূচনা জাৰি হ'ব 10 মাৰ্চৰ ভিতৰত ।
সূত্ৰটোৰ মতে, এইবাৰৰ ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বৰ্তমানত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিবলৈ ওলোৱা নিৰ্বাচনী অধিসূচনা বহু পৰিমানে ব্যতিক্ৰম হ'ব । বিশেষকৈ ভোটাৰৰ সামাজিক দূৰত্ব নিশ্চিতকৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা ল'ব । নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো কেতবোৰ বাধ্যবাধকতা থাকিব । এই পাঁচোখন ৰাজ্যতে গড় হিচাপত বিশৰ পৰা ত্ৰিশ শতাংশকৈ ভোট কেন্দ্ৰৰ সংখ্যা বাঢ়িব । এনে পৰিস্থিতিত স্বাভাৱিকতেই বৃদ্ধি পাব নিৰ্বাচন কৰ্মী, বিষয়াৰ সংখ্যা । বৃদ্ধি পাব যাতায়ত ব্যয় ।