অসম

assam

ETV Bharat / state

মন্ত্ৰী পীযুষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লওকঃ উপমন্যু হাজৰিকা

বিজেপিক লজ্জানত কৰি, অতি বিজেপি দেখুৱাই, এসময়ৰ কংগ্ৰেছৰ নেতা পীযুষ হাজৰিকাই পৰাজয়ৰ আশংকাত ভুগি,হিতাহিত জ্ঞান হেৰুৱাই ৰাজ্যৰ দুগৰাকী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণনাশৰ ভাবুকি দি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ লগতে আইন বিৰুদ্ধ কাৰ্য কৰিছে । " এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

মন্ত্ৰী পীযুষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লওকঃ উপমন্যু হাজৰিকা
মন্ত্ৰী পীযুষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লওকঃ উপমন্যু হাজৰিকা

By

Published : Apr 2, 2021, 9:18 PM IST

গুৱাহাটী, ২ এপ্ৰিলঃ 'কা' মানি নললে দেশৰ পৰা খেদি দিয়াৰ হুমকি দিয়া মন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসম চৰকাৰৰ এগৰাকী বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী । বিজেপিক লজ্জানত কৰি, অতি বিজেপি দেখুৱাই, এসময়ৰ কংগ্ৰেছৰ নেতা পীযুষ হাজৰিকাই পৰাজয়ৰ আশংকাত ভুগি,হিতাহিত জ্ঞান হেৰুৱাই ৰাজ্যৰ দুগৰাকী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণনাশৰ ভাবুকি দি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ লগতে আইন বিৰুদ্ধ কাৰ্য কৰিছে । " এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

মন্ত্ৰী পীযুষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লওকঃ উপমন্যু হাজৰিকা

তেওঁ আৰু কয় যে, অশ্লীল ভাষা প্ৰয়োগ, ব্যৱহাৰ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ পৰিচয় নিজেই দিছে । সাংবাদিকক এনে আচৰণ, ভাবুকি দিয়া কাৰ্যই মন্ত্ৰী পীযুষ হাজৰিকা কিমান অভদ্ৰ, অসভ্য সেয়া বুজিবলৈ বাকী নাই । উজনি অসমত খিলঞ্জীয়া লোক সকলে বিজেপিক প্ৰত্যাখ্যান কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ সমষ্টিতো বহু সংখ্যক খিলঞ্জীয়া লোক বিজেপিৰ পৰা আঁতৰি গৈছে । যাক লৈ এতিয়া ক্ষমতাৰ বলত, খকত বলিয়ান পীযুষ হাজৰিকাই "উৰহৰ খং ভঙা ঢাৰিত জৰা" ৰ দৰে সাংবাদিকক জাৰিছে । আইনৰ ৰক্ষক এগৰাকী জনপ্ৰতিনিধি কিমান চূড়ান্ত পৰ্যায় পালে ফোন কৰি এনে ভাবুকি প্ৰদান কৰিব সেয়া অনুমান কৰি ললেই হ'ল ।

উল্লেখ কৰিব লাগিব যে, সম্প্ৰদায়িকতাৰ কথা কৈ অতি বিজেপি দেখুওৱা, নিজকে হিন্দুত্ববাদী দেখুৱাবলৈ চেষ্টা কৰা পীযুষ হাজৰিকাই সাত বছৰ পূৰ্বে কংগ্ৰেছত থকাৰ সময়ত কাৰ সৈতে মিতিৰালি কৰিছিল সেয়া লক্ষ্য কৰিলেই সকলো স্পষ্ট হৈ পৰিব । ভাৰতৰ দৰে, অসমৰ দৰে এখন সংস্কৃতিবান দেশত অতি বিজেপি দেখুওৱা, নিজকে হিন্দুত্ববাদী দেখুৱাবলৈ চেষ্টা কৰা পীযুষ হাজৰিকাৰ এনে আচৰণে বিজেপিৰ মান উচ্চ কৰা নাই বা বিজেপিক কোনো প্ৰকাৰে লাভ কৰা নাই । বৰঞ্চ বিজেপিক পীযুষৰ দৰে নেতাই বদনামহে কৰিছে । কংগ্ৰেছৰ পৰা আহি এনে নেতাই বিজেপিক ডুবাই যোৱা বিষয়টো গুৰুত্বপূৰ্ণ । বিজেপিৰ এনে নেতাই খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ কাম কৰাৰ বাবেই দেশ, ৰাজ্য অধ:পতনৰ দিশে গতি কৰিছে । বিজেপি জনতাৰ বহু দূৰলৈ গতি কৰিছে । গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ শপত লৈ পীযুষ হাজৰিকাৰ দৰে নেতা সকলক চিনাক্ত কৰি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবৰ সময় সমাগত ।

উল্লেখযোগ্য যে সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া এনে ভাবুকিৰ বাবে কেৱল ভূক্তভোগীয়ে আৰক্ষীত এজাহাৰ দিলেই নহ'ব, নিৰ্বাচন আয়োগেও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে । কিয়নো সাংবাদিকৰ লগতে ভোটাৰক তেনে ব্যৱহাৰ কৰি তেওঁ নিৰ্বাচনী বিধি উলংঘা কৰিছে । ভাৰতীয় দণ্ডবিধিৰ ১৭১ (চি) আৰু ৰিপ্ৰেজেন্টেছন অব পিপল এক্ট- ১৯৫১ৰ ১২৩ নং ধাৰাৰ অধীনত, ১৬৬ ধাৰাৰ অধীনত ( 166- Public Servant disobeying Law with intent to cause injury to any person), ২৯৮ ধাৰাৰ অধীনত (298- Uttering words etc. with deliberate intent to wound religious feelings of any person) আৰু ৫০৩ আৰু ৫০৬ ধাৰাৰ (503/506 (2nd Part)- Criminal intimidation with threat to cause death or grievous hurt) অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই ।

লগতে পঢ়কঃ উৰিষ্যা কংগ্ৰেছৰ উপাধ্যক্ষ প্ৰদীপ মাঝিৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details