গুৱাহাটী, ২০ জুন : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ এই অনুসৰি পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়া হৈছে অহা ১১ জুলাইলৈকে ৷ খচৰা সন্দৰ্ভত অসমৰ দল-সংগঠনকে ধৰি আন অংশীদাৰ সকলৰ পৰা ৰাজহুৱা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷ শুনানিৰ বাবে জুলাই মাহত পুনৰ অসম ভ্ৰমণলৈ আহিব আয়োগ ৷
Constituency delimitation কি কি প্ৰস্তাৱ আছে এই খচৰাত ?
একেই থাকিব লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা। এই খচৰাত বিধানসভাৰ আসনৰ সংখ্যা পূৰ্বৰ দৰেই ১২৬ খন আৰু লোকসভাৰ আসনৰ সংখ্যাও ১৪ খনতেই ৰখা হৈছে ৷ ১৯ খন বিধানসভাৰ আসন আৰু ২ খন লোকসভাৰ আসন অনুসূচিত জনজাতি বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে একেদৰে ১২৬ খন বিধানসভা আসনৰ ভিতৰত ৯ খন বিধানসভাৰ আসন আৰু অনুসূচিত জাতিসমূহৰ বাবে ১ খন সংসদীয় আসন সংৰক্ষিত কৰাৰ প্ৰস্তাৱ ৷ কাজিৰঙা নামেৰে পৰিচিত হ’ব কলিয়াবৰ সমষ্টি ৷ তেজপুৰ লোকসভা সমষ্টিৰ নাম হ’ব শোণিতপুৰ ৷ মঙলদৈ লোকসভা সমষ্টিৰ নাম হ’ব দৰং ৷
Constituency delimitation মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ মাৰ্চ মাহত অসমলৈ আহি সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শুনানি গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগে ৷ মুঠ ১১টা ৰাজনৈতিক দল আৰু ৭১টা সংগঠনৰ প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰিছিল আয়োগে ৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি খচৰা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, অসমত শেষৰবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল ১৯৭৬ চনতে ৷ ২০০১ চনত পুনৰ সমষ্টি নিৰ্ধাৰণ হ’ব লাগিছিল যদিও আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে সেই বৰ্ষত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন নহ’ল ।
Constituency delimitation অৱশেষত ভাৰতীয় সংবিধানৰ ১৭০ আৰু ৮২ নং অনুচ্ছেদ অনুসৰি ২০০১ চনৰ লোকপিয়লৰ আধাৰত এইবাৰ খচৰা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে ৷ ২০০১ চনৰ লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিতেই বিধানসভা আৰু সংসদীয় আসনৰ সংখ্যা একেই ৰখা হৈছে খচৰা প্ৰস্তাৱত ৷ সেই অনুসৰি ৰাজ্যখনত পূৰ্বৰ দৰেই বিধানসভা আসন ১২৬ আৰু লোকসভাত ১৪ খন ৰখা হৈছে । অৰ্থাৎ খচৰাৰ প্ৰস্তাৱ অনুসৰি সাধাৰণ শ্ৰেণীৰ বাবে বিধানসভাত ৯৮ টা সমষ্টি আৰু লোকসভাত ১১ টা সমষ্টি মুকলি থাকিব ৷ SC ৰ বাবে বিধানসভাত ৯টা সমষ্টি আৰু লোকসভাত ১টা সমষ্টি সংৰক্ষিত থাকিব ৷ ST ৰ বাবে ৰাজ্যত ১৯ টা বিধানসভা সমষ্টি আৰু ২ টা লোকসভা সমষ্টি সংৰক্ষিত কৰাৰ প্ৰস্তাৱ এই খচৰাত ৷
Constituency delimitation সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ কেইটামান বিশেষ দিশ:
- সৰ্বনিম্ন প্ৰশাসনিক একক হ’ব গ্ৰাম্য অঞ্চলত ‘গাঁও’ আৰু চহৰ অঞ্চলত 'ৱাৰ্ড’ ৷ সকলো গাঁও আৰু ৱাৰ্ড অক্ষত অৱস্থাত ৰখা হৈছে ৷ ৰাজ্যখনৰ ক'তো গাঁও নাইবা ৱাৰ্ড ভঙা বা সালসলনি কৰা হোৱা নাই ৷
- অনুসূচিত জাতিৰ পূৰ্বৰ বিধানসভাৰ সংৰক্ষিত আসনৰ সংখ্যা ৮ৰ পৰা ৯ লৈ বৃদ্ধি কৰা হৈছে ৷ অনুসূচিত জনজাতিৰ সংৰক্ষিত আসনৰ সংখ্যা পৰা ১৬ৰ পৰা ১৯লৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে ৷
- কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাসমূহৰ পশ্চিম কাৰ্বি আংলং জিলাত ১ খন বিধানসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ৷
- বড়োলেণ্ডৰ জিলাসমূহত বিধানসভা সমষ্টিৰ সংখ্যা ১৬ৰ পৰা ১৯লৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে ৷
- আগৰ দৰেই অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু আৰু কোকৰাঝাৰ সংসদীয় আসন ধৰি ৰখাৰ প্ৰস্তাৱ ৷
- লখিমপুৰ সংসদীয় আসনখন অসংৰক্ষিত হিচাপে আগৰ দৰেই অব্যাহত ৰখাৰ প্ৰস্তাৱ।
- ধেমাজি জিলাত ১ টা অসংৰক্ষিত বিধানসভা সমষ্টি ৰখাৰ প্ৰস্তাৱ ৷
- ৩ খন পাৰ্বত্য জিলাৰ সংসদীয় আসন ‘ডিফু’ সংসদীয় আসনখন অনুসূচিত জনজাতিৰ বাবেই বাবে সংৰক্ষিত ৰখা হৈছে খচৰাত ৷ এই ৩ খন জিলাত ৬টা বিধানসভা সমষ্টি আছে খচৰাত ৷
- বৰাক উপত্যকাৰ জিলাসমূহ অৰ্থাৎ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভিতৰত ২ টা লোকসভা সমষ্টি ৰখাৰ প্ৰস্তাৱ ।
- নতুনকৈ কাজিৰঙা নামৰ ১ টা সংসদীয় সমষ্টিৰ প্ৰস্তাৱ ৰখা হৈছে এই খচৰাত ৷
লগতে পঢ়ক:PIL against Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন