গুৱাহাটী,১৯ জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে গুৱাহাটীত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ এটা পূৰ্ণ পৰ্যায়ৰ দল । বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দুপৰীয়া ১ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হয় নিৰ্বাচন আয়োগৰ দলটো । কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজত দলটোক কলাক্ষেত্রলৈ অনা হয় । ইফালে কলাক্ষেত্রতো ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত অহা পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটোৱে বুধবাৰে দুপৰীয়া 2 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহে। আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্রতিনিধিৰে বৈঠকত বহাৰ ব্যৱস্থা কৰা হৈছে।
তিনিদিনীয়া কাৰ্যসূচীৰে অহা নিৰ্বাচন আয়োগৰ দলটোৱে ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্রতিনিধিৰে বৈঠকত বহিব। শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্রহণ কৰিব।