গুৱাহাটী,১৯ জুলাই:অসন্তুষ্টি আৰু প্ৰতিবাদৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হ’ব নিৰ্বাচন আয়োগৰ এটা পূৰ্ণপৰ্যায়ৰ দল । মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটো দিনৰ ১২ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হ'ব । খন্তেক জিৰণি লোৱাৰ পাছত নির্বাচন আয়োগৰ দলটো গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হ'ব । ইয়াৰ পিছত দিনৰ ২ বজাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি অনুষ্ঠিত কৰিব ।
ৰাজ্যিক নির্বাচন বিভাগে জনোৱা অনুসৰি আয়োগৰ দলটোৱে দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত আহিব । আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্রতিনিধিৰে বৈঠকত বহিব ।
সেইদৰে ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্রতিনিধিৰে বৈঠকত বহিব । শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্রহণ কৰিব । ২০ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত বহিব ।