গুৱাহাটী,21 জুলাই:বুধবাৰৰ পৰা দেশৰ নিৰ্বাচন আয়োগে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত তিনিদিনীয়াকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজহুৱা শুনানিৰ শুকুৰবাৰে সামৰণি পৰে ৷
৩১ খন জিলা আৰু ২০টা ৰাজনৈতিক দলৰ ১,২০০ৰো অধিক প্ৰতিনিধিয়ে শুনানিত অংশগ্ৰহণ কৰে। তিনিদিনত ৬,০০০ৰো অধিক ব্যক্তিয়ে পৰামৰ্শৱলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলেৰে গঠিত আয়োগে বিগত তিনিদিনৰ ভিতৰত ৰাজনৈতিক দল, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পৰামৰ্শমূলক কাৰ্যসূচীৰ অংশ হিচাপে আয়োগে এই ৰাজহুৱা শুনানি গ্ৰহণ কৰে । বিগত 3 দিনত আয়োগে ৩১ খন জিলাৰ ১,২০০ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰে আৰু ২০ টাতকৈও অধিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হয় । তিনিদিনত ৬,০০০ৰো অধিক লোকে ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিছিল । ২০ জুলাইত ২০ ঘণ্টাৰো অধিক সময় ধৰি শুনানি চলিছিল।