গুৱাহটী,30 মাৰ্চ:ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহে সকলোকে আক্ৰান্ত কৰিছে ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অন্ত পৰিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট দানৰ বাবে ভোটাৰ ৰাইজ সাজু হোৱা দেখিবলৈ পোৱা গৈছে ৷ তাৰ সমান্তৰালভাৱে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চোলোৱাত ব্যস্ত হৈ পৰিছে ৷ ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখা গৈছে ৰাজনৈতিক দল সমূহক ৷
এইবেলি অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদিপ ফুকনে প্ৰতিদ্বন্দিতা কৰিছে পূৱ গুৱাহাটী সমষ্টিত ৷ শাসকীয় বিজেপি দলৰ হৈ ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰী তথা বৰ্তমানৰ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভৰ্টাচাৰ্যৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে অদীপ কুমাৰ ফুকন ৷ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদিপ কুমাৰ ফুকনে সমষ্টিবাসীৰ ঘৰে ঘৰে গৈ ব্যতিক্ৰমী ভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷