অসম

assam

ETV Bharat / state

বান-খহনীয়াত ক্ষতিগ্ৰস্তৰ সংস্থাপনঃ অসম একতা পৰিষদৰ আলোচনাচক্ৰ - 'অসমৰ বান-খহনীয়া সমস্যা,

শুক্ৰবাৰে অসম একতা পৰিষদে 'অসমৰ বান-খহনীয়া সমস্যা, চৰকাৰৰ স্থিতি আৰু ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপন' বিষয়ক এক আলোচনাচক্ৰ অনুষ্ঠিত কৰে । গুৱাহাটীৰ মুক্তি যুজাৰু ভৱনত অনুষ্ঠিত সভাত 'মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি' সন্দৰ্ভতো আলোচনা কৰে বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱিসকলে ।

বান-খহনীয়াত ক্ষতিগ্ৰস্তৰ সংস্থাপনঃ অসম একতা পৰিষদৰ আলোচনাচক্ৰ
বান-খহনীয়াত ক্ষতিগ্ৰস্তৰ সংস্থাপনঃ অসম একতা পৰিষদৰ আলোচনাচক্ৰ

By

Published : Mar 19, 2021, 8:40 PM IST

গুৱাহাটী, ১৯ মার্চ: শুক্ৰবাৰে অসম একতা পৰিষদে গুৱাহাটীৰ মুক্তি যুজাৰু ভৱনত এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰে । এই সভাত অসমত বান-খহনীয়াত সর্বস্ব হেৰুৱাই নিঠৰুৱা হােৱা দুৰ্ভগীয়া লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয় । এই আলোচনা সভাত অসমৰ বিভিন্ন দল-সংগঠন, বাৰ্তাজীৱি, বুদ্ধিজীৱিয়ে অংশ লয় ।

২০১৫ চনৰ মাৰ্চ মাহত তদানীন্তন অসম চৰকাৰে বান-গৰাখহনীয়া আক্রান্ত পৰিয়ালৰ পুনৰ সংস্থাপনৰ উদ্দেশ্যে 'মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি' গ্ৰহণৰ কথা ঘোষণা কৰিছিল । উক্ত আঁচনি মর্মে গৃহভূমিৰ ক্ষেত্ৰত ১ বিঘা মাটি আৰু ঘৰ নিৰ্মাণৰ বাবে ৭৫ হাজাৰ টকা, কৃষি ভূমিৰ ক্ষেত্ৰত ৩ বিঘা মাটি আবন্টন দিয়াৰ বিষয়ে উল্লেখ আছিল । তদুপৰি মাটি দিব নােৱাৰিলে কৃষি ভূমিৰ ক্ষেত্ৰত ২ লাখ টকা আৰু গৃহভূমিৰ বাবে ৫০ হাজাৰ টকা দিয়াৰ প্রতিশ্রুতি দিছিল চৰকাৰে ।

কিন্তু ২০১৬ চনৰ এপ্রিলত ঘােষণা কৰে যে, ২০১৬ তচনৰ ২৮ জানুৱাৰীত আঁচনিখন সংশােধন কৰা হৈছে । এই সংশােধিত আঁচনি অনুসৰি, কেৱল ভূমি পট্টা থকা ক্ষতিগ্রস্ত পৰিয়ালকহে সংস্থাপন দিয়া হ'ব আৰু ২০১৪-১৫ চনৰ পাছৰ পৰিয়ালসমূহক সংস্থাপন দিয়া হ'ব । লগতে অন্যান্য কেইবাটাও সংশােধন ঘটাই চৰকাৰৰ প্রকৃত স্বৰূপ উদঙাই দেখুৱাই দিয়ে । একতা পৰিষদে চৰকাৰৰ বিপৰীতধর্মী স্থিতি আৰু গা এৰা দিয়া মনােভাৱক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনিত গােচৰ দাখিল কৰে ।

২০১৭ চনৰ ২৫ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে, পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ ওপৰত কোনােধৰণৰ প্ৰতিশ্ৰুতি ন্যায়ালয়ে দিব নােৱাৰে । যদি কোনো ভূক্তভােগীয়ে চৰকাৰী নীতি পৰিৱৰ্তনৰ বাৱে প্রভাবিত হৈছে তেন্তে পুনৰীক্ষণৰ বাৱে আবেদন জনাব পাৰিব । এই ৰায়ৰ পাছত একতা পৰিষদে অসমৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত মুঠ ৪,১৪৮ খন পুনৰ সংস্থাপনৰ আবেদন জনায় ।

উক্ত আবেদনসমূহ গ্রাহ্য কৰি ব্যৱস্থা গ্রহণৰ উদ্দেশ্যে ২০১৮ চনৰ পৰা মুখ্যমন্ত্রীক অনুৰোধ জনােৱাৰ লগতে সময়ে সময়ে স্মাৰক পত্র, ধৰ্ণা আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতাে ফল নধৰাত দ্বিতীয়খন ৰাজহুৱা স্বার্থজনিত গােচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে । এই গােচৰ অনুসৰি, অসম চৰকাৰে পুনৰ সংস্থাপনৰ উদ্দেশ্যে খহনীয়াত ক্ষতিগ্রস্ত পৰিয়ালক ২০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা বুলি শপতনামা দাখিল কৰে ।

চৰকাৰৰ এই ঘােষণাক একতা পৰিষদে আদৰণি জনায় যদিও এই আঁচনিত থকা আঁসােৱাহসমূহ প্রকাশ কৰি যাৱতীয় সিদ্ধান্ত লােৱাৰ বাবে শুক্ৰবাৰে অনুষ্ঠিত উক্ত আলােচনা চক্ৰ অনুষ্ঠিত কৰা হয় । ২০১৪-১৫ চনৰ পিছৰ ক্ষতিগ্রস্ত পৰিয়ালক সংস্থাপন দিয়া, কেৱল ম্যাদি, একচনা আৰু আবণ্টিত মাটি হেৰুওৱা পৰিয়ালক সংস্থাপন দিয়া, চৰকাৰে ভূমিৰ পৰিৱৰ্তে নিজ জিলাত মাটি ক্রয় কৰিবলৈ দিয়া নির্দেশ, ভূমিৰ নিদ্ধাৰিত মূল্য আৰু ক্রেতা-বিক্রেতাৰ যুটীয়া আবেদন সম্বন্ধে বিস্তৃত আলােচনা কৰা হয় ।

লগতে পঢ়ক:সৰুক্ষেত্ৰীত AIUDF প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details