গুৱাহাটী,১২ জুন: অসমৰ লোক সংগীতৰ সাধক, বিহু সম্রাট, গণশিল্পী খগেন মহন্ত অষ্টম মৃত্যু বার্ষিকী । ২০১৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বিহু সম্ৰাট খগেন মহন্তৰ(Bihu Emperor Khagen Mahanta died on 12 Jun 2014) । অষ্টম মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গণশিল্পীগৰাকীলৈ(Tributes to mass artist Khagen Mahanta) ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু বার্ষিকী উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র আন্তর্জাতিক প্রেক্ষাগৃহ প্ৰাংগণস্থিত ‘গণশিল্পী খগেন মহন্ত উদ্যানত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱাল, সচিব সুদৰ্শন ঠাকুৰকে আদি কৰি কৰ্মচাৰীসকল ।