নিউজ ডেস্ক, 21 জুলাই :বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা (Eid-ul-Azha)৷ ঈদ-উল-আজহা বা ঈদ-উজ-জোহা (Eid-ul-Azha)ই ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে । নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰাৰ পৱিত্ৰ দিনটোক স্মৰণ কৰি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকসকলে উৎসাহ-উদ্দীপনাৰে পৰম্পৰাগত ঈদ-উল-আজহা (Eid-ul-Azha) পালন কৰে । ঈদ-উল-আজহা (Eid-ul-Azha)ত প্ৰতীকি কুৰবানীৰ পৰম্পৰা চলি আহিছে ।
অৱশ্যে এইবাৰ ক’ৰণা মহামাৰী (Covid 19)ৰ বাবে ক’ভিড প্ৰ’টকল (Covid Protocol) মানি দেশবাসীয়ে ঈদ-উল-আজহা (Eid-ul-Azha)পালন কৰিব লগীয়া হৈছে ৷ অসমতো সান্ধ্য আইন (Curfew)আৰু লক ডাউন (Lock Down)ৰ মাজত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিব পবিত্ৰ ঈদ (Eid)৷ এই অনুসৰি মছজিদত একেলগে মাত্ৰ পাঁচজন লোকেহে সমূহীয়া নামাজত বহিব পাৰিব ৷