অসম

assam

ETV Bharat / state

Eid al Adha 2022 : গুৱাহাটীত ঈদৰ উচ্চাহ - গুৱাহাটীত ঈদৰ উছাহ

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সমূহীয়া নামাজৰ আয়োজন কৰা হয় (Eid public namaz in Guwahati)। মহানগৰীৰ আমবাৰীস্থিত বুঢ়া মছজিদ, দীঘলী পুখুৰীৰ মছজিদ, গুৱাহাটী ঈদগাহকে ধৰি বিভিন্ন স্থানত সমূহীয়া নামাজ সমাপন হয় । পুৱা ৮.৩০ বজাত মাছখোৱাস্থিত গুৱাহাটী ঈদগাহতো কেইবা শতাধিক লোকে সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে ।

Eid al Adha 2022
গুৱাহাটীত ঈদৰ উছাহ

By

Published : Jul 10, 2022, 12:30 PM IST

গুৱাহাটী,১০ জুলাই : আজি পৱিত্ৰ ঈদ-উল-জুহা বা ঈদুল আজহা (Eid al-Adha 2022)। ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে এই পৱিত্ৰ ঈদ-উজ-জুহা । ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে যোৱা দুবছৰ ৰাজ্যত ঈদ-উল-জুহা পালন কৰা হোৱা নাছিল । কিন্তু এইবাৰ ক'ভিডৰ ভয়াৱহতা নাই বাবে ঈদক লৈ স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে (Eid celebration in Assam)।

অৱশ্যে, ৰাজ্যজুৰি শেহতীয়াকৈ হোৱা বানে কিছু অঞ্চলত সমস্যাৰ সৃষ্টি কৰিলেও স্তিমিত হোৱা নাই ঈদৰ উচ্চাহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ, দৰগাহ, ঈদ ময়দান আদি ঈদৰ বাবে সজাই-পৰাই তোলা হৈছে । পুৱা নিৰ্ধাৰিত সময়ত ঈদৰ সমূহীয়া নামাজো অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিশ্ব শান্তি আৰু একতাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাইজে ।

গুৱাহাটীত ঈদৰ উচ্চাহ

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সমূহীয়া নামাজৰ আয়োজন কৰা হয় (Eid public namaz in Guwahati)। মহানগৰীৰ আমবাৰীস্থিত বুঢ়া মছজিদ, দীঘলী পুখুৰীৰ মছজিদ, গুৱাহাটী ঈদগাহকে ধৰি বিভিন্ন স্থানত সমূহীয়া নামাজ সমাপন হয় । পুৱা ৮.৩০ বজাত মাছখোৱাস্থিত গুৱাহাটী ঈদগাহতো কেইবা শতাধিক লোকে সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে ।

এই সমূহীয়া নামাজত ইমামতি দিয়ে মাছখোৱা পক্কা মছজিদৰ ইমাম মাজাহাৰুল ইমলাম কাচিমিয়ে । ইফালে পৱিত্ৰ ঈদ-উল-জুহাক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকসকলৰ মাজত । মুঠতে চাৰিওফালে এতিয়া ঈদৰ আনন্দ উল্লাহ ।

লগতে পঢ়ক :নলবাৰীত সহস্ৰাধিক লোকে সম্পন্ন কৰিলে ঈদ-উল-আজহাৰ নামাজ

ABOUT THE AUTHOR

...view details