গুৱাহাটী,6 ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ফাঁচীকাঠত ওলমিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি । কেবৰ বিৰুদ্ধে প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ । বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত ছাত্ৰ সমাজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ প্ৰতিকৃতি ফাঁচীকাঠত ওলোমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীত ১৪৪ ধাৰা বলবৎ হৈ থকাৰ দোহাই দি আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক বাধা প্ৰদানৰ চেষ্টা কৰে । বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত প্ৰতিবাদত বাধা আৰোপ কৰাত জাঙুৰ খাই উঠা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।
গুৱাহাটী বিশ্ববিদ্যালয়ত ফাঁচীকাঠত ওলমিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত ছাত্ৰ সমাজে মুখ্যমন্ত্ৰীসহ বিজেপি- অসম গণ পৰিষদৰ নেতা-মন্ত্ৰীৰ প্ৰতিকৃতি ফাঁচীকাঠত ওলোমাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
গুৱাহাটী বিশ্ববিদ্যালয়ত ফাঁচীকাঠত ওলমিল মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি
Last Updated : Dec 6, 2019, 10:29 PM IST