অসম

assam

ETV Bharat / state

Eid 2023 : ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ - ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ অন্তিমটো দিন (Last day of Ramjan month)৷ কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল পালন কৰিব পবিত্ৰ ঈদ ৷ যাৰ বাবে ৰাজ্যৰ বজাৰত উপলব্ধ হৈছে বিবিধ সামগ্ৰী ৷ কিন্তু সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈ প্ৰভাৱ পৰিছে (Effect of price hike in Eid market in Assam) ৷

Effect of price hike in Eid market in Assam
পবিত্ৰ এমহীয়া ৰমজান মাহৰ আজি অন্তিমটো দিন

By

Published : Apr 21, 2023, 8:06 PM IST

পবিত্ৰ এমহীয়া ৰমজান মাহৰ আজি অন্তিমটো দিন

গুৱাহাটী, ২১ এপ্ৰিল :কাইলৈ পবিত্ৰ ঈদ (Eid 2023) ৷ পবিত্ৰ এমহীয়া ৰমজান মাহৰ আজি অন্তিমটো দিন (Last day of Ramjan month) ৷ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত বিশ্বৰ তথা দেশৰ আন ৰাজ্যৰ লগতে অসমতো কাইলৈ অৰ্থাৎ ২২ এপ্ৰিলত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰা হ’ব ।

সেই উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গুৱাহাটীৰ বিভিন্ন স্থানত থকা ঈদগাহ ময়দান আৰু মছজিদসমূহত ঈদৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । চূণ-তেল ঘঁহি সজাই পৰাই তোলা হৈছে মছজিদ তথা ঈদগাহসমূহ । আনহাতে, ঈদ উপলক্ষে মহানগৰীৰ বজাৰসমূহত উপলব্ধ হৈছে বিভিন্ন সামগ্ৰী ৷

মহানগৰীৰ বজাৰসমূহত ছেৱৈৰ লগতে আন সুস্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে । কিন্তু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পূৰ্বৰ তুলনাত ছেৱৈৰ মূল্যবৃদ্ধিয়ে ঈদৰ বজাৰত কিছু প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । ব্যৱসায়ীসকলে উল্লেখ কৰা অনুসৰি, পূৰ্বৰ তুলনাত ঈদৰ বজাৰত ছেৱৈ, ফল-মূল আদিৰ মূল্য ৫০ % বৃদ্ধি হৈছে । যাৰ ফলত বজাৰত গ্ৰাহকৰ উপস্থিতি কিছু সেৰেঙা হোৱাও দেখা গৈছে (Effect of price hike in Eid market in Assam)৷

কাইলৈ ঈদ যদিও পূৰ্বৰ দৰে সমাগম হোৱা নাই ঈদৰ বজাৰত । সমাজকৰ্মী নেকিব ইমান শইকীয়াই জনোৱা মতে, পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰ একেবাৰে সেমেকা । মূল্যবৃদ্ধিৰ বাবে ফাঁচী বজাৰত গ্ৰাহকৰ সমাগম কম হৈছে । তদুপৰি ফাঁচী বজাৰ লাখটকীয়া অঞ্চলত ন’ পাৰ্কিং আৰু No entry ৰ বাবে গ্ৰাহকৰ হাৰ সেৰেঙা হৈছে । অৱশ্যে বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱো নপৰা নহয় ৷

আনহাতে, ছেৱৈ ব্যৱসায়ীয়ে জনোৱা মতে, পাটনা, শিলিগুৰি, বানাৰস, কলকাতা আদিৰ পৰা অহা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰলৈ আহিছে ৷ যাৰ মূল্য প্ৰতি কেজিত ১২০ ৰ পৰা ৬০০ টকা পৰ্যন্ত । কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈৰ বিক্ৰী কমিছে ।

বিক্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলে এইবাৰ ৫০ শতাংশই কমকৈ ছেৱৈ মজুত ৰাখিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে ৷

লগতে পঢ়ক :Interview with Lt General Rajeev Chaudhry: ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম পথ আৰু ৰে’ল সুৰংগ

ABOUT THE AUTHOR

...view details