অসম

assam

ETV Bharat / state

Smriticharan program of Shivanath Barman : ড৹ শিৱনাথ বৰ্মনৰ সোঁৱৰণত ৰাজহুৱা স্মৃতিচাৰণ সভা - ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলী

মঙলবাৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ড৹ শিৱনাথ বৰ্মনৰ সোঁৱৰণত এক ৰাজহুৱা স্মৃতিচাৰণ সভা (Shivanath Barman Smriticharan program held in Guwahati) ৷ এই সভাতে উন্মোচন কৰা হয় ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলীৰ পাঁচটা খণ্ড ৷

Smriticharan program of Shivanath Barman
প্ৰয়াত ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলীৰ পাঁচটা খণ্ডৰ উন্মোচন

By

Published : Dec 27, 2022, 9:39 PM IST

Updated : Dec 27, 2022, 9:46 PM IST

প্ৰয়াত ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলীৰ পাঁচটা খণ্ডৰ উন্মোচন

গুৱাহাটী, 27 ডিচেম্বৰ : বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিৱনাথ বৰ্মনৰ সোঁৱৰণত মঙলবাৰে আয়োজন কৰা হয় এক ৰাজহুৱা স্মৃতিচাৰণ সভাৰ (Shivanath Barman Smriticharan program held in Guwahati)। গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসমৰ জাতীয় জীৱন নিজৰ অনবদ্য ৰচনা আৰু চিন্তাৰে সমৃদ্ধ কৰি থৈ যোৱা ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলীৰ পাঁচটা খণ্ডৰ উন্মোচন কৰা হয় ।

শ্বিলংস্থিত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট চিন্তাবিদ ড৹ অপূৰ্ব কুমাৰ বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই প্ৰয়াত ড৹ বৰ্মনৰ সহধৰ্মিনী অঞ্জনা বৰ্মন আৰু দুয়োগৰাকী জীয়াৰীৰ উপস্থিতিত এই ৰচনাৱলী উন্মোচন কৰে । অসমৰ কেবাজনো বিশিষ্ট লোক আৰু ভালেমান সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাৰ প্ৰাৰম্ভতে এটি শোক প্ৰস্তাৱ পাঠ কৰে লেখক-অধিবক্তা কিশোৰ কুমাৰ কলিতাই ।

অসমৰ এগৰাকী বিশিষ্ট লেখক-কবি প্ৰণৱজ্যোতি ডেকাই ড৹ শিৱনাথ বৰ্মনৰ সান্নিধ্যৰ কথা উল্লেখ কৰি তেখেতৰ লেখাৰ বিস্তৃতিৰ বিষয়ে সবিস্তাৰে কৰে । বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱৰ বিষয়ত ড৹ বৰ্মনে যিধৰণৰ বিশ্লেষণ আগবঢ়াই থৈ গৈছে, সেই বিষয়ত নকৈ চিন্তা চৰ্চাৰ প্ৰয়োজন আছে বুলিও বক্তাজনে উল্লেখ কৰে ।

হুমায়ুন চৌধুৰী আৰু মাধুৰ্য বৰুৱাই আঁতধৰা এই স্মৃতিচাৰণ সভাত লেখক-সাংবাদিক দিগন্ত ওজাই ছাত্ৰ হিচাপে ড৹ শিৱনাথ বৰ্মনৰ সান্নিধ্যৰ কথা উল্লেখ কৰি তেখেতৰ ‘‘আইনষ্টাইন আৰু পদাৰ্থ জগত’’ শীৰ্ষক গ্ৰন্থখন অসমীয়া গ্ৰন্থ জগতৰ এখন অতুলনীয় আৰু অনবদ্য গ্ৰন্থ বুলি অভিহিত কৰে । আপেক্ষিকতাবাদৰ নিচিনা এক জটিল বিষয়কো একেবাৰে প্ৰাঞ্জল ভাষাত প্ৰকাশ কৰাৰ যি সক্ষমতা প্ৰয়াত ড৹ বৰ্মনৰ আছিল সি এক বিৰল প্ৰতিভা বুলিও ওজাই উল্লেখ কৰে ।

লগতে পঢ়ক :Shivanath barman is no more : সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ শিৱনাথ বৰ্মন

এই স্মৃতিচাৰণ সভাত ড৹ শিৱনাথ বৰ্মনৰ (Renowned educationist Shivanath Barman) শেহতীয়া গ্ৰন্থ ‘‘অমৃতপুত্ৰ : মানুহৰ ক্ৰমবিকাশৰ চমু কাহিনী’’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে মনোৰম গগৈ আৰু অসমী গগৈয়ে । এই স্মৃতিচাৰণ সভাত প্ৰয়াত ড৹ শিৱনাথ বৰ্মনৰ সহধৰ্মিনী অঞ্জনা বৰ্মন, অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই প্ৰয়াত ড৹ শিৱনাথ বৰ্মনৰ স্মৃতিচাৰণ কৰে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 15 ডিচেম্বৰ মৃত্যু হয় বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ড৹ শিৱনাথ বৰ্মনৰ (Shivanath Barman Passes away) ৷ অসমৰ জাতীয় জীৱন তথা সাহিত্য, ভাষা, সমাজ, বিজ্ঞান, লোক-কৃষ্টিকে ধৰি বিভিন্ন ক্ষেত্ৰত বহুখিনি অৱদান দি থৈ গৈছে এইগৰাকী মহীৰূহে । শিক্ষকতাৰ পৰা সাংবাদিকতালৈকে, বিজ্ঞানৰ দিশলৈকে তেওঁৰ যথেষ্ট অৱদান আছিল ।

প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ গৈছে । ইয়াৰ উপৰিও ৪ খন ইংৰাজী গ্ৰন্থ, ২ অনুবাদ গ্ৰন্থ, ২৩ খন সম্পাদিত গ্ৰন্থৰ লগতে ৫ খন অসমীয়া আলোচনী সম্পাদনা কৰি তেওঁ অসমীয়াৰ সাহিত্যৰ সম্ভাৰ চহকী কৰিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত- আইনষ্টাইন আৰু পদাৰ্থ জগত, স্বদেশ-স্বমত, ন মনুষ্যৎ, লোক-কৃষ্টিৰ উৎস, অন্বেষা, শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব, অসমীয়া জীৱনী অভিধান, অসমীয়া আখৰ জোঁটনিৰ কথা, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসুৰীসকল, অসমীয়া ব্যাকৰণ অভিধান, ভাৰতীয় চিন্তা, অসমৰ জনজাতি সমস্যা, হেমচন্দ্ৰ বৰুৱা, সাধক আৰু সাধনা ইত্যাদি ৷

লগতে পঢ়ক :Funeral of Shivanath Barman: নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল ড৹ শিৱনাথ বৰ্মনৰ

Last Updated : Dec 27, 2022, 9:46 PM IST

ABOUT THE AUTHOR

...view details