গুৱাহাটী, ২৪ নৱেম্বৰ: ক'ভিড-১৯ মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানিলে বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক(Retired professor of B Borooah College) তথা ভাৰতীয় জনতা পার্টী(BJP)ৰ জ্যেষ্ঠ নেতা ড৹ দেৱদত্ত বৰকটকীয়ে(Dr Debadatta Barkataki passes away) । মঙলবাৰে দেহাৱসান ঘটে জ্ঞান-বিজ্ঞান সমিতি অসমৰ প্ৰতিষ্ঠাপকগৰাকীৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে যােৱা কেইবাদিনাে ধৰি ড৹ বৰকটকী চিকিৎসাধীন হৈ আছিল । মঙলবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
বিশিষ্ট শিক্ষাবিদগৰাকী দীর্ঘদিন ধৰি ভাৰতীয় জনতা পার্টী(Bharatiya Janata Party)ৰ অসম প্রদেশৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা”ৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল । তেওঁৰ আকস্মিক মৃত্যুৱে দলৰ সর্বস্তৰতে শােকৰ ছাঁ পেলাইছে । ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক শােকবার্তাত ড৹ দেৱদত্ত বৰকটকী(Dr Debadatta Barkataki)ৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰতিগৰাকী কার্যকর্তাই গভীৰ শােক প্রকাশ কৰে ।
ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, প্রয়াত ড৹ দেৱদত্ত বৰকটকীয়ে ২০১৫ চনৰ পৰা ৰাজ্যিক বিজেপিৰ মুখপত্র “অসমীয়া বিজেপি বার্তাৰ সম্পাদকৰ দৰে গুৰু দায়িত্বত মৃত্যু পর্যন্ত কার্যনির্বাহ কৰি আছিল ।