গুৱাহাটী, 7 মাৰ্চ:সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপিকা, শিক্ষাবিদ বিনীতা বৰুৱা আৰু নাই । যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা শিক্ষাবিদ গৰাকীয়ে 3 মাৰ্চৰ শেষ নিশা মহানগৰীৰ হেলথ চিটি চিকিৎসালয়ত (health city hospital guwahati) শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷ বিনীতা বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতেই তেওঁৰ গনেশগুৰিস্থিত বাসভৱনত বহু লোকৰ সমাগম হয় আৰু সকলোৱে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পাচত অসংখ্য গুণমুগ্ধৰ উপস্থিতত শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হয় । মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, দুগৰাকী বোৱাৰী ,দুজন নাতিকে ধৰি বহুসংখ্যক আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায় ৷
গুৱাহাটীৰ উজানবজাৰৰ বিখ্যাত বৰুৱা পৰিয়ালৰ স্বৰ্গীয় ৰাধিকা বৰুৱা আৰু শশী বৰুৱাৰ কন্যা বিনীতা বৰুৱাৰ জন্ম হৈছিল আচানচোলত (Asansol West Bengal) ৷ প্ৰাথমিক শিক্ষা আচানচোল, গয়া, মুচৌৰী আৰু গুৱাহাটীৰ তাৰিণী চৰণ বৰুৱা বিদ্যালয়ত সমাপ্ত কৰি তেখেতে শ্বিলঙৰ ল'ৰেটো কনভেণ্ট স্কুলৰ (Loreto Convent School Shillong) পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ৷
পঢ়া-শুনাত সৰুৰে পৰাই অতি মেধাৱী শিক্ষাবিদ বিনীতা বৰুৱাই শ্বিলঙৰ নামজ্বলা চেন্ট মেৰীজ মহাবিদ্যালয়ৰ (Saint Mary's College Shillong) পৰা তেতিয়াৰ আই.এ. পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ লগতে তাৰ পৰাই স্নাতক শিক্ষা সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ১৯৬৩ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত (Handique Girls College Guwahati) প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলে ৷