গুৱাহাটী, ২১ অক্টোবৰ:ৰাজ্যত এতিয়াও সুৰক্ষিত নহয় নাৰী ৷ নিতৌ এচাম বিকৃত মানসিকতাৰ স্বীকাৰ হৈছে ৰাজ্যৰ বহু নাৰী ৷ এচাম শিক্ষিত তথা প্ৰভাৱশালী লোকৰ নামো সময়ে সময়ে সাঙোৰ খাই আহিছে এই ধৰণৰ ধৰ্ষণ, নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত ৷ এইবাৰ খোদ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ নামত উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ এগৰাকী ব্যক্তিগত সহায়কক ।
ধৰ্ষণৰ অভিযোগত শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত সহায়ক গ্ৰেপ্তাৰ - ধৰ্ষণৰ অভিযোগত শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত সহায়ক গ্ৰেপ্তাৰ
দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ এগৰাকী ব্যক্তিগত সহায়কক । এগৰাকী যুৱতীয়ে ৰুজু কৰা ধৰ্ষণৰ গোচৰৰ ভিত্তিত লক্ষীনন্দন গগৈ নামৰ এই যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ।
এগৰাকী যুৱতীয়ে ৰুজু কৰা এটা গোচৰৰ ভিত্তিত লক্ষীনন্দন গগৈ নামৰ এই যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় । ধৃত যুৱকজন চৰকাৰী কৰ্মচাৰী নহয় যদিও শিক্ষা মন্ত্ৰী গৰাকীৰ ব্যক্তিগত সহায়কৰূপে কৰ্মৰত হৈ আছিল । আৰক্ষী সুত্ৰই সদৰী কৰা মতে, এক প্ৰেমজনিত ঘটনা আৰু যুৱতীগৰাকীয়ে তৰা এটা ধৰ্ষণৰ গোচৰৰ আধাৰতে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে । এইদৰে এচাম শিক্ষিত তথা প্ৰভাৱশালী লোক এতিয়া ধৰ্ষণৰ পাষৱিক অপৰাধৰত সৈতে জড়িত থকাৰ ঘটনাই এতিয়া সচেতন মহলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক :উজনিত কংগ্ৰেছ শূন্য; কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে