গুৱাহাটী, ২১ আগষ্ট:শেহতীয়াভাৱে এখন মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ পিচতেই উচ্চ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানত শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰী কৰে । এই নিৰ্দেশনা অনুসৰি উচ্চ শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰিলে চৰকাৰে । ইতিমধ্য়ে চৰকাৰে এক নিৰ্দেশনা যোগে নিৰ্ধাৰণ কৰিলে মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ড্ৰেছ কোড ৷ ইয়াৰ পিচতেই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই । দুই-এগৰাকী শিক্ষকৰ বিৰুদ্ধে সাজপাৰ পৰিধানকলৈ অভিযোগ থকা বাবে তেওঁলোকক শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ জাৰী কৰা হৈছে বুলি মন্তব্য় কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত বিশ্ব জেষ্ঠ্য নাগৰিক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰূপে উপস্থিত থাকি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই শিক্ষকৰ সাজ পৰিধানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শিক্ষকৰ সাজপাৰ পৰিধানক লৈ শেহতীয়াকৈ যি বিতৰ্ক চলি আছে সেই পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনাখন উলিওৱা হৈছে বুলি তেওঁ মন্তব্য় কৰে । অৱশ্য়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই কয় যে চৰকাৰে নিৰ্দেশনাখন এনেকৈ উলিয়াব নালাগিছিল ।