গুৱাহাটী,৩ অক্টোবৰ: বিদ্যায়তনিক পাঠদানৰ উপৰিও শিক্ষাৰ্থীসকলক দেশ-জাতি-মাটিৰ প্ৰতি দায়বদ্ধ কৰিব লাগিব । ইয়াৰ বাবে শ্ৰেণীকোঠাৰ উপৰি ব্যাৱহাৰিক জ্ঞানো দিব লাগিব । এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ।
শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মঙলবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষামন্ত্রীগৰাকীয়ে । জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলক কোনোধৰণৰ অনাশৈক্ষিক কামত জড়িত কৰোৱা হোৱা নাই ।
শৈক্ষিক পাঠ্যক্ৰমৰ উপৰি শিক্ষকৰ কেতবোৰ কাৰ্যক্ৰম থাকে । তাক অনাশৈক্ষিক বুলি ক'ব নোৱাৰি । বিদ্যালয় ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান বুলি সদৰী কৰি তেওঁ কয় যে শিক্ষাৰ্থীসকলে পোষণ সপ্তাহ, অমৃত বৃক্ষ আন্দোলন, মোৰ মাটি-মোৰ দেশ আদি কাৰ্যসূচীৰ বিষয়ে জনাটো দৰকাৰ ।
বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক সজাগ-সচেতন কৰি গঢ়ি তুলিব লাগিব । তাৰ বাবে কিছুমান কাৰ্যসূচীত ভাগ ল'ব লাগিব । তেওঁ লগতে কয় যে সকলো বিষয় শ্ৰেণীকোঠাতে নহয় । তাৰ বাবে বাহিৰত যাব লাগিব আৰু শিক্ষাৰ্থীসকলে ব্যৱহাৰিকতা বুজিব লাগিব ।