গুৱাহাটী, ৪ মাৰ্চ: ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণৌজ পেগুৱে (Education minister Ranoj Pegu) ৷ শনিবাৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ নাৰেংগীৰ বোন্দাস্থিত কেন্দ্ৰীয় ভঁৰালত ৰাজ্যৰ অষ্টম, নৱম, দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৩-২৪ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Book distribution program in Guwahati)৷
উল্লেখযোগ্য যে, এইবৰ্ষত মুঠ ১৯ টা ভাষা আৰু ৮ টা মাধ্যমৰ বাবে প্ৰকাশ কৰা ৩,৩৫,৪৩,০৬৩ খন পাঠ্যপুথি ৷ 'ক' শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৬০,৪০,১১৫ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব এই পুথিসমূহ । পাঠ্যপুথি বিতৰণৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে, প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যৰ ১৬ খন জিলাৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰা হ’ব ।
নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ আগে আগে যাতে ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া পাঠ্যপুথি লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা অধিক তৰান্বিত কৰা হৈছে। বৰ্তমান শিক্ষা বিভাগে নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰে বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে ৷ বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে।
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়াস কৰিছে ৷ ইয়াৰ সুফল ৰাইজে অচিৰেই দেখিবলৈ পাব । এই সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ লগতে সৰ্বশিক্ষা অসম, এচ চি ই আৰ টি, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক সহযোগিতা জনোৱাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ৷