গুৱাহাটী,১৫ মে' : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত গুৱাহাটীত শিক্ষামন্ত্ৰীৰ সংবাদমেল। ৰাজ্যত এইবাৰ ফলাফল সন্তোষজনক বুলি প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল - hslc
২০১৯ বৰ্ষৰ ফলাফলক লৈ সন্তুষ্ট বুলি সংবাদমেল যোগে প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বানে গৰকা ধেমাজিৰ ভাল ফলাফল আৰু হাইলাকান্দিৰ তুলনামূলকভাৱে বেয়া ফলাফলৰ বিষয়েও সংবাদমেল যোগে জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল
সংবাদমেলযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে,
- যোৱাবাৰতকৈ বৃদ্ধি পাইছে এইবাৰ স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা।
- স্থান দখল কৰিবলৈ সক্ষম হোৱা 39 গৰাকী ভিতৰত 10 গৰাকী চৰকাৰী বিদ্যালয়ৰ।
- উল্লেখনীয়ভাৱে এইবাৰ 65 খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণ হৈছে।
- পূৰ্বৰ দৰে এইবাৰো শীৰ্ষত আছে বানে গৰকা ধেমাজি জিলা।
- তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যৰ ভিতৰত হাইলাকান্দি জিলাৰ ফলাফল তুলনামূলকভাৱে বেয়া।
- 17মে'ৰ পৰা অনলাইন যোগে প-পত্ৰ পূৰণ কৰিব পাৰিব কম্পাৰমেন্টেল পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীয়ে।
- 1 জুলাইৰ পৰা আৰম্ভ হ'ব কম্পাৰমেণ্টেল পৰীক্ষা আৰু ফলাফল ঘোষণা হ'ব 30 জুলাইৰ ভিতৰত।
Last Updated : May 15, 2019, 7:27 PM IST