গুৱাহাটী,30 আগষ্ট: ক'ভিড কেন্দ্ৰীক অচলাৱস্থাই ৰাজ্যৰ শৈক্ষিক পৰিৱেশ বিধ্বস্ত কৰাৰ পিছত পৰিস্থিতিৰ পুনৰুদ্ধাৰৰ বাবে সোমবাৰে 34 টা ছাত্ৰ সংগঠনৰ সৈতে আলোচনাত মিলিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ৰাজ্যৰ শিক্ষাৰ্থী সকলে অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ সময়ত চৰকাৰৰ ভূমিকা সমালোচিত হোৱাৰ সময়তে শিক্ষামন্ত্ৰী গৰাকীয়ে ছাত্ৰ সংগঠন সমূহক আলোচনালৈ আমন্ত্ৰণ কৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷
সোমবাৰে বিয়লি অনুষ্ঠিত এই আলোচনাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আশ্বাস দিয়ে যে, বহুতে আশংকা কৰা ধৰণে শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাত কোনো অসুবিধা নহ'ব ৷ গুৱাহাটী মহানগৰীত যদিহে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হয়, তেতিয়া হ'লে বিয়লি আৰু নৈশ শাখাত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব ৷ আনহাতে, নামভৰ্তিৰ ক্ষেত্ৰত থকা বিনামূলীয়া নীতি বাহাল থাকিব বুলিও স্পষ্ট কৰি দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷