অসম

assam

By

Published : Jun 8, 2021, 10:17 PM IST

ETV Bharat / state

আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

দহ দিনৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত সকলো বিষয় স্পষ্ট হ'ব । দিছপুৰত পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক। সদৌ অসম ছাত্র সন্থা (AASU), নিখিল বড়ো ছাত্র সন্থা (ABSU), অসম সাহিত্য সভা (Assam Sahitya Sabha) আৰু বড়ো সাহিত্য সভা (Bodo Sahitya Sabha)ৰ প্ৰতিনিধিবৰ্গৰ লগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ আলোচনা ।

education minister meeting
আগষ্টত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

গুৱাহাটী, ৮ জুন : শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS) অনুষ্ঠিত কৰাৰ পক্ষত আছে । পৰীক্ষা সংকুচিত বিষয়ত আৰু সংকুচিত নম্বৰেৰে অনুষ্ঠিত কৰা হ'ব। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰিস্থিতি অনুকূল নহ'ব বুলি স্বাস্থ্য বিভাগে জনাইছে । তেনেস্থলত পহিলা আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব । অৱশ্যে দহ দিনৰ ভিতৰত এই ক্ষেত্রত এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা যাব। এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu)।

মঙলবাৰে দিছপুৰত পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্রীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত সদৌ অসম ছাত্র সন্থা (AASU), নিখিল বড়ো ছাত্র সন্থা (ABSU), অসম সাহিত্য সভা (Assam Sahitya Sabha) আৰু বড়ো সাহিত্য সভা (Bodo Sahitya Sabha)ৰ প্ৰতিনিধিবৰ্গৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu) পৰীক্ষা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে । আলোচনাত স্বাস্থ্য বিভাগ , শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ, পৰিবহন বিভাগ, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ(AHSEC)ৰ বিষয়ববীয়াৰ লগতে কেইবাখনো জিলাৰ উপায়ুক্তই অংশ গ্ৰহণ কৰে ।

আগষ্টত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

বৈঠকৰ পাছতে শিক্ষামন্ত্রী ৰণোজ পেগুৱে (Ranoj Pegu) সংবাদ মাধ্যমৰ আগত কয়-' সকলো ধৰণৰ ক'ভিড প্ৰটক'ল মানি চলি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা ব্যৱস্থাটোৰে জড়িত ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে অগ্ৰাধিকাৰৰ ভিত্তিত ভেকচিন প্ৰদান কৰা হ'ব । পৰীক্ষাৰ আগে আগে পৰীক্ষাৰ এছ অ' পি (SOP) প্ৰকাশ কৰা হ'ব । আজিৰ বৈঠকৰ বিষয়সমূহ সন্দৰ্ভত মুখ্যমন্ত্রীৰে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব পৰা যাব । ১০ দিনৰ ভিতৰত পৰীক্ষা সন্দৰ্ভত সবিশেষ সিদ্ধান্ত জনোৱা হ'ব । অসমত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই । পৰীক্ষা অনুষ্ঠিত কৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত ফলাফলো ঘোষণা কৰিব লাগিব।'

আনহাতে শিক্ষামন্ত্রীৰে হোৱা আলোচনাৰ অন্তত ছাত্র সন্থা (AASU), আৰু নিখিল বড়ো ছাত্র সন্থাই (ABSU) এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য (Samujjal Bhattacharya), সভাপতি দীপাংক নাথ (Dipanka Nath) আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (Sankarjyoti Baruah)ই কয় যে, আমি আমাৰ তিনিটা কথা কৈছো । প্ৰথম কথা শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষ ক্ষতি হ'ব দিব নোৱাৰি। সেইদৰে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যও সুৰক্ষিত হ'ব লাগিব ।

আনহাতে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব । তেওঁলোকে কৈছে যে জুলাইত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব । আগষ্টৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা শিক্ষাৰ্থীৰ পচন্দ অনুসৰি তিনিটা বিষয়ত অনুষ্ঠিত কৰাৰ এটা সহমত হৈছে। অৱশ্যে এতিয়াও চূড়ান্ত হোৱা নাই । আনহাতে শিক্ষাৰ্থীগৰাকীয়ে যিটো বিষয়ত সৰ্বাধিক নম্বৰ পাব সেই নম্বৰ পৰীক্ষা অনুষ্ঠিত নোহোৱা আন তিনিটা বিষয়ৰ নম্বৰ হ'ব । এইদৰে শিক্ষাৰ্থীসকল ন্যায় প্ৰদানৰ কথা বিবেচনা কৰা হৈছে।'

আছু (AASU)ৰ নেতৃত্বই লগতে কয়-' অসমত পৰীক্ষা অনুষ্ঠিত নকৰাৰ কোনো বিকল্প নাই । গতিকে পৰীক্ষা অনুষ্ঠিত হ'বই । আমি তেওঁলোকক কৈছো যে, পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব সেই বিষয়ে শিক্ষাৰ্থীসকলক আগতিয়াকৈ জনাব লাগে । বহুতে পৰীক্ষাৰ সময়ত গ্ৰীণ ক'ৰিডৰ কৰাৰ পৰামৰ্শ দিছে । তিনিটা বিষয়ত পৰীক্ষা তিনিদিনত সম্পূৰ্ণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS) কিদৰে অনুষ্ঠিত কৰিব তাৰ ফৰ্মুলা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰি আছে। তেওঁলোকে দুই-এদিনতে আমাৰ লগত আলোচনাত মিলিত হৈ সেই সম্পৰ্কে অৱগত কৰিব । আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব। আনহাতে বানাক্ৰান্ত এলেকাৰ বাবেও এছ অ' পি (SOP) কৰা হ'ব বুলি তেওঁলোকে জনাইছে । শিক্ষামন্ত্রীয়ে মুখ্যমন্ত্রীৰে আলোচনা কৰি ১০ দিনৰ ভিতৰত সকলো কথা স্পষ্ট কৰিব।'

লগতে পঢ়কঃ আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এডৰা বেলিফুলৰ খেতি

ABOUT THE AUTHOR

...view details