গুৱাহাটী, ২০ জুন: অসমবাসীৰ বাবে সু-খবৰ ৷ মঙলবাৰে গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসমৰ প্ৰথমখন শ্ৰব্য অভিধান। অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি উলিওৱা এই শ্ৰব্য অভিধানখন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামত "পদ্মনাথ শ্ৰব্য অভিধান" নামেৰে উচৰ্গা কৰা হৈছে ৷ পদ্মনাথ শ্ৰব্য অভিধান নামেৰে নামকৰণ হোৱা অসমীয়া অভিধানখন আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
এই শ্ৰব্য অভিধানখনত মূল ১৮,০০০ টা শব্দ সংযোজন কৰা হৈছে। ডিজিটেল মাধ্যমত উপলব্ধ হ’ব শব্দ সমূহৰ ধ্বনিও। ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি সম্বলিত আৰু প্ৰতিটো শব্দৰ ইংৰাজী অর্থ থকা এইখনেই হৈছে প্ৰথমখন অসমীয়া ডিজিটেল শ্ৰব্য অভিধান। এণ্ড্ৰ’ইড মোবাইল ফোন ব্যৱহাৰকাৰীসকলে প্লে’ ষ্টোৰলৈ গৈ "PADMANATH AUDIO DICTIONARY" টাইপ কৰি চাৰ্ছ কৰিলে ডাউনল’ড কৰিব পাৰিব এই অভিধানখন ৷
এই শ্ৰব্য অভিধানখনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, "অসমীয়া ভাষাৰ শিকন প্ৰণালীক সহজলভ্য কৰা আৰু অসমীয়া ভাষাক আগুৱাই নিয়া প্ৰয়াসৰ অংশস্বৰূপে অসম প্ৰকাশন পৰিষদে অসমীয়া শ্ৰব্য অভিধান ডিজিটেলী প্ৰস্তুত কৰি আজি বিশ্ববাসীলৈ অৰ্পন কৰিলে ৷ এতিয়া বিশ্বৰ যি প্ৰান্ততেই নাথাকক কিয় এই ডিজিটেল ছফ্টৱেৰ পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে নামকৰণ কৰা এপ্পটোৰ জৰিয়তে যিকোনো অসমীয়া ভাষাৰ শব্দ বিচাৰি ল’ব পাৰিব ৷ শব্দৰ উচ্চাৰণ কেনেকৈ হয় সেইটোও শিকিব পাৰিব, তাৰ অৰ্থও জানিব পাৰিব ৷ এই অভিধানখনে বিদেশত থকা অসমীয়া ভাষাৰ ল’ৰা ছোৱালীসকলক অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব ৷ যিসকলে নতুনকৈ অসমীয়া শিকিছে তেওঁলোকক সহায় কৰিব ৷"