গুৱাহাটী, 17 নৱেম্বৰ : 2022 বৰ্ষৰ পৰা অসমৰ মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণী । একাদশ আৰু দ্বাদশ শ্ৰেণী সংলগ্ন হৈ থাকিব বিদ্যালয়সমূহৰ সৈতে । অৰ্থাৎ সকলো মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত হ’ব প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী ৷
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020(National Education Policy 2020) অনুসৰি, এই ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে । বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু(Dr Ranoj Pegu)য়ে ৷ ঠিক সেইদৰে, মহাবিদ্যালয় সমূহত সংলগ্ন কৰা হ’ব স্নাতকোত্তৰ শ্ৰেণী । এই শৈক্ষিক পৰিবৰ্তন ৰাজ্যৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়তে কৰা হ’ব ।
শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এই কাম 2022 চনৰ ভিতৰত 70 শতাংশ আৰু 2023 চনত 30 শতাংশ সম্পূৰ্ণ হৈ উঠিব । আনহাতে, নতুন শিক্ষানীতি অনুসৰি, প্ৰাক প্ৰাথমিক স্তৰতো বহুখিনি পৰিবৰ্তন সাধন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে । বৰ্তমান অসমত প্ৰাক প্ৰাথমিক স্তৰটো অংগনৱাড়ী কেন্দ্ৰসমূহে চোৱা-চিতা কৰি আহিছে যদিও নতুন শিক্ষানীতিৰ আধাৰত এই ব্যৱস্থাৰ পৰিবৰ্তন কৰা হ’ব ৷