অসম

assam

ETV Bharat / state

HS Chemistry question paper leak: প্ৰশ্নকাকত ফাদিলৰ বাতৰি সম্পূৰ্ণ মিছা ভিত্তিহীন, মন্ত্ৰী ডাঃ ৰণোজ পেগু

উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ পোনছাটেই নাকচ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (HS Question paper leaked) ৷ বিপৰীতে উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ৷

HS Question paper leaked
প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন

By

Published : Mar 1, 2023, 1:53 PM IST

গুৱাহাটী, 1 মাৰ্চ :উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ পোৱাৰ অভিযোগ সম্পূৰ্ণ ৰূপে খণ্ডন কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Education minister denied the allegations of question paper leakage) । উল্লেখ্য যে, অভিযোগ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰৰ মোবাইললৈ সোমবাৰে পুৱা প্ৰায় এঘাৰ বজাত ৰসায়ন বিজ্ঞানৰ এখন হাতে লিখা প্রশ্নকাকত আহে যোৰহাটৰ এগৰাকী ছাত্ৰৰ পৰা । মাজে সময়ে এনেধৰণৰ কাৰবাৰ চলি থকা বাবেই কটনৰ ছাত্ৰজনে কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল । মঙলবাৰে পিছবেলা আছিল ৰসায়ন বিজ্ঞানৰ পৰীক্ষা । পৰীক্ষা হ’লত যেতিয়া ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত দেখিলে, তেতিয়া কটনৰ ছাত্ৰজন হতভম্ব হ’ল (HS Question paper leaked)।

প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন

কিয়নো তেওঁৰ মোবাইললৈ সোমবাৰে পুৱাতে অহা হাতে লিখা প্রশ্নকাকতখনৰ সৈতে ছপা প্রশ্নকাকতখন হুবহু একে । অৱশ্যে কটনৰ ছাত্ৰজনহে এই দাবী কৰিছিল । তেওঁ পৰীক্ষা হ’লৰ পৰা ওলাই আহিয়েই এই বিষয়ে জ্যেষ্ঠ ছাত্ৰসকলক অৱগত কৰে । ছাত্ৰজনে তেওঁৰ জ্যেষ্ঠসকলক জনোৱা মতে তেওঁৰ মোবাইললৈ সোমবাৰে অহা হাতেলিখা প্রশ্নকাকতৰ ‘স্ক্ৰীণ শ্বট’ তেওঁ সংৰক্ষণ কৰি থৈছে । কটনৰ জ্যেষ্ঠ ছাত্ৰসকলে এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো অৱগত কৰে । লগে লগে ৰাজ্যৰ চৌদিশে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ।

প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন

ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি আৰু পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্পষ্ট কৰি দিয়ে যে উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত বা আন কোনো প্রশ্নকাকত ফাদিল হোৱা নাই । উত্থাপিত অভিযোগ একে আষাৰে নাকচ কৰি শিক্ষা সংসদৰ দুয়োগৰাকী শীৰ্ষ বিষয়াই স্পষ্ট কৰি দিয়ে যে ৰসায়ন বিজ্ঞানৰ প্রশ্নকাকত ফাদিল হোৱা বুলি মঙলবাৰে নিশা পর্যন্ত শিক্ষা সংসদে কাৰো পৰা তথ্যসহ অভিযোগ লাভ কৰা নাই বুলি । এয়া কোনো দুষ্ট চক্ৰৰ কাণ্ড তথা অপপ্ৰচাৰ বুলি শিক্ষা সংসদে ধাৰণা কৰিছে বুলি উল্লেখ কৰে ।

প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন

পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকত ৰাজহুৱা হোৱাটো আৰু পৰীক্ষাৰ আগত প্রশ্নকাকত ফাদিল হোৱা বা ৰাজহুৱা হোৱাৰ মাজত আকাশ-পাতাল প্রভেদ আছে । তৎসত্ত্বেও তথ্য-প্রমাণসহ নির্দিষ্ট অভিযোগ পালে এই বিষয়ে শিক্ষা সংসদে নিজাববীয়াকৈ ফলপ্রসূ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি দুয়োগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে । কোনো কাৰণতে এজনো পৰীক্ষাৰ্থীৰ সামান্যতমো ক্ষতি হ’বলৈ দিয়া নহ'ব বুলি কয় শিক্ষা সংসদৰ বিষয়াদ্বয়ে । প্ৰশ্নকাকত ফাদিল হোৱা বুলি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘটনা সন্দৰ্ভত আজি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন

সামাজিক মাধ্যম যোগে তেওঁ কয় যে, ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। তেওঁ ব্যক্তিগতভাৱে বিষয়টো পৰ্যবেক্ষণ কৰা বুলি সদৰি কৰে । তেওঁ এনেধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবৰ বাবে আহ্বান জনায় (Minister Ranuj pagu react on question paper leak issue) । উল্লেখ্য যে, প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ সন্দৰ্ভত আছুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সংসদে প্রশ্নকাকত ফাদিলৰ ঘটনা অস্বীকাৰ কৰিছে যদিও ৰাজহুৱাভাৱে প্ৰকাশ হোৱা আৰ্হি প্ৰশ্নকাকতৰ সৈতে ৰসায়ন বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ হুবহু মিল দেখা গৈছে । এয়া সহজভাৱে ল’ব পৰা কথা নহয় । ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে।

অৱশ্যে ঘটনা সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সংসদৰ মতে প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন । পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিলৰ প্ৰশ্নই নুঠে । সংসদে সন্দেহ প্ৰকাশ কৰে যে পৰীক্ষা আৰম্ভ হোৱা এঘণ্টাৰ পিছত ছাত্ৰ-ছাত্ৰী ওলাব পাৰে আৰু কোনো শিক্ষাৰ্থীয়ে এঘণ্টাৰ পিছত কাকতখন ভাইৰেল কৰি দিব পাৰে বুলি । ইয়াক প্ৰশ্নকাকত ফাদিল হোৱা বুলি ক’ব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে সংসদে ।

লগতে পঢ়ক :Fraudsters extort money from patients: জটিল ৰোগত আক্ৰান্ত যুৱকৰ পৰা প্ৰৱঞ্চকে বুদ্ধিৰে সৰকাই নিলে ধন

ABOUT THE AUTHOR

...view details