গুৱাহাটী, ৫ জুনঃ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC) অনুষ্ঠিত হ'ব নে নহয় তাক লৈ এতিয়াও অনিশ্চয়তাত আছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল । ইতিমধ্যে চি বি এছ ইয়ে (CBSC) বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । পৰীক্ষাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন পদ্ধতিৰ সন্ধানত আছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSC) । এনে জটিলতাৰ মাজতে শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়-' ক'ভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই । চৰকাৰে ব্যৱস্থা লৈ আছে । পৰিস্থিতি উন্নত হ'লে পৰীক্ষাৰ কথা ঘোষণা কৰা হ'ব । পৰীক্ষাৰ পূৰ্ণ সম্ভাৱনা আছে । আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম আৰু ইয়াৰ বাবে সাজু হৈ আছে । পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয় । শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছো ।