অসম

assam

ETV Bharat / state

মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমত এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ।

By

Published : May 31, 2021, 7:57 PM IST

Education Department notification on HS admission
মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

গুৱাহাটী, ৩১ মে':হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নোহোৱা পৰ্যন্ত কোনো চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে একাদশ শ্ৰেণীৰ নতুন নামভৰ্তি কৰিব নোৱাৰিব । ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকে সোমবাৰে এই সম্পৰ্কে এক নিৰ্দেশনা জাৰি কৰে ।

মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে অসমত এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা । অৱশ্যে পৰিস্থিতি কিছু স্বাভাৱিক হ'লেই আৰু স্বাস্থ্য বিভাগৰ পৰা সেউজ সংকেত পালেই এই আটাইকেইটা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ইতিমধ্যে নতুন শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে ।

লগতে পঢ়ক :অনিশ্চয়তাৰ মাজত ৰাজ্যৰ বিশেষ টেট পৰীক্ষা

ABOUT THE AUTHOR

...view details