গুৱাহাটী, 20 মে’:দেশজুৰি অব্যাহত থকা লক ডাউনৰ ফলত নিম্নগামী হৈছে দেশৰ অৰ্থনীতি, কৰ্মসংস্থাপন হেৰুৱাইছে বহু লক্ষাধিক লোকে। এই কঠিন সময়ছোৱাত কিছু উচ্চ শিক্ষিত যুৱকে সক্ষম হৈছে নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ । ইয়াৰে এক উদাহৰণ হৈছে গুৱাহাটীৰ পশু চিকিৎসক ডাঃ খঞ্জিত মেধি । দেশত লক ডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা বজাৰত মাছ-মাংসৰ নাটনি হোৱাৰ ফলত মহানগৰবাসীয়ে অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল মাছ-মাংস । ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ পৰা পশু চিকিৎসক ডাঃ খঞ্জিত মেধিয়ে আৰম্ভ কৰে মানুহৰ ঘৰে ঘৰে গৈ অতি কম মূল্যত মাছ-মাংস যোগান দিয়াৰ ব্যৱসায় ।
হাতত তুলাচনীঋ- লৈ ৰাজপথত মাছ বিক্ৰী কৰি থকা ডাঃ খঞ্জিত মেধি পেচাত এজন পশু চিকিৎসক ৷ ২০০২ চনত পশু চিকিৎসকৰ শিক্ষা সম্পূৰ্ণ কৰি তেওঁ হাবাথুৰি খাইছিল এটি চাকৰিৰ বাবে । বৰ্তমান এইজন উচ্চ শিক্ষিত যুৱকে ব্যৱসায়ৰ দ্বাৰা নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ লগতে কৰ্মসংস্থাপন দিছে বহু শিক্ষিত যুৱকক ।